নেশ্যনেল ডেস্ক,6 জুন: কান্থী পৌৰসভাৰ কাৰ্যালয়ৰ পৰা সাহায্য সামগ্ৰী চুৰি কৰাৰ অভিযোগত পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতা শুভেন্দু অধিকাৰী আৰু ভাতৃ সৌমেন্দু অধিকাৰীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, কান্থী পৌৰসভা প্ৰশাসন ব’ৰ্ডৰ সদস্য ৰত্নদ্বীপ মান্নাই অধিকাৰী ভাতৃদ্বয়ৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে ৷
ৰত্নদ্বীপ মান্নাই দাখিল কৰা অভিযোগ অনুসৰি বিগত 29 মে’ৰ দিনৰ প্ৰায় 12.30 ত শুভেন্দু অধিকাৰী আৰু তেওঁৰ ভাতৃ তথা কান্থী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি সৌমেন্দু অধিকাৰীয়ে চৰকাৰী তিৰপাল বলপূৰ্বকভাৱে লৈ যায় ৷ এই তিৰপালসমূহৰ মূল্য প্ৰায় লক্ষাধিক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক- পশ্চিমবংগৰ বিজেপি কাৰ্যালয়ত বোমা উদ্ধাৰ