ETV Bharat / bharat

Delhi MCD Election: শান্তিপূৰ্ণভাবে সম্পন্ন দিল্লী পৌৰ নিগমৰ নিৰ্বাচন

author img

By

Published : Dec 4, 2022, 10:41 PM IST

ৰাজধানী চহৰ দিল্লী পৌৰ নিগমৰ (Delhi Municipal Corporation Election)(এমচিডি) নিৰ্বাচন আজি অনুষ্ঠিত হয় ৷ দেওবাৰে দিল্লী পৌৰ নিগমৰ 250 টা ৱাৰ্ডত পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 50 শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে (Delhi MCD Election)৷

voting-over-for-mcd-election-50-percent-people-cast-their-votes-till-5-pm
Delhi MCD Election: সন্ধিয়া 5 বজালৈকে 50 শতাংশ ভোটদান

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ: আজি ৰাজধানী চহৰ দিল্লী পৌৰ নিগমৰ (Delhi Municipal Corporation Election)(এমচিডি) নিৰ্বাচন অনুষ্ঠিত হয় ৷ দেওবাৰে দিল্লী পৌৰ নিগমৰ 250 টা ৱাৰ্ডত পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 50 শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে (Delhi MCD Election)৷ উল্লেখ্য যে এইবাৰ ভোটদানৰ শতাংশ যোৱা নিৰ্বাচনৰ পৰিসংখ্যাতকৈ কম(MCD elections conducted peacefully) ৷

যোৱা 2007 চনত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ শতাংশ আছিল 43.24, 2012 চনত 53.39 শতাংশ, 2017 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদানৰ সংখ্যা 53.55 শতাংশ (Voting over for MCD Election ) ৷

ভোটাৰসকলে পুৱা 8 বজাৰত ভোটকেন্দ্ৰত উপস্থিত হয় ৷ অৱশ্যে পূৰ্বতকৈ ভোটদান অতি লেহেম গতিৰে আৰম্ভ হৈছিল আজি ৷ দেওবাৰ হোৱাৰ বাবে পুৱা 10 বজালৈকে মাত্ৰ 7 শতাংশ ভোটদান কৰা হৈছিল ৷ দুপৰীয়া প্ৰায় 12 বজালৈকে ভোটদান প্ৰক্ৰিয়া অলপ লেহেমীয়া আছিল ৷ দুপৰীয়ালৈকে মাত্ৰ ১৮ শতাংশ ভোটদান হৈছিল ।

এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটদানৰ শতাংশ উন্নত কৰাৰ বাবে দিল্লী ৰাজ্যিক নিৰ্বাচন আয়োগে বিভিন্ন কাৰ্যসূচী আয়োজন কৰি সজাগতা সৃষ্টিৰ চেষ্টা কৰিছিল কৰা ৷ ইয়াৰ ভিতৰত বাটৰ নাটক, ৰেডিঅ' এফএম আৰু টিভিত বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি পোষ্টাৰ বেনাৰত বিজ্ঞাপন দিয়ালৈকে। কিন্তু ভোটগ্ৰহণৰ পিছত এই সকলোবোৰৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল ৷

দুপৰীয়া 2 বজাৰ পিছত, ভোটদান অলপ দ্ৰুত হৈছিল যদিও 250 খন ৱাৰ্ড আসনত মাত্ৰ 30 শতাংশ ভোটদান কৰা হৈছিল ৷ বিয়লি ৪ বজালৈ ভোটদানৰ শতাংশ ৪৫ শতাংশত উপনীত হৈছিল ৷ আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত, ভোটৰ শতাংশ 5 শতাংশ বৃদ্ধি পাইছে । দিল্লীৰ সীমান্ত অঞ্চল, বিশেষকৈ বদৰপুৰ, নজফগড় আৰু অন্যান্য অঞ্চলৰ ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা যায় (50 percent polling till 5 pm)৷

ভোটদানৰ পূৰ্বে সকলো দলে বিজয়ৰ দাবী কৰিছিল ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সপৰিয়ালে পুৱা ভোট দিবলৈ আহি জয়ী হোৱাৰ দাবী কৰিছিল । একে সময়তে উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু বিধায়ক আতিশীয়েও বিজয়ী প্ৰতীক দেখুৱাই বিজয়ৰ দাবী কৰে ৷ বিজেপিৰ সাংসদ মনোজ তিৱাৰী, ৰমেশ বিধুৰী আৰু দিল্লীৰ ৰাজ্যিক সভাপতি আদেশ গুপ্তাইও চতুৰ্থবাৰৰ বাবে বিজয়ৰ দাবী কৰিছিল ৷

ই ভি এমত বন্দী ১,৩৪৯ জন প্ৰাৰ্থীৰ ভাগ্যঃ এই নিৰ্বাচনত ১৩৪৯ জন প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হৈছিল । ইয়াৰ ভিতৰত, 709 গৰাকী মহিলা প্ৰাৰ্থী আছিল। বিজেপি আৰু আপে সকলো 250 খন আসনতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান কৰিছে ৷ আনহাতে কংগ্ৰেছে 247 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । জেডিইউয়ে 23 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ আনহাতে এআইএমআইএমে 15 জন প্ৰাৰ্থী ক'লে । বিএছপিয়ে ১৭৪ খন, এনচিপিয়ে ২৯খন, ইণ্ডিয়ান মুছলিম লীগে ১২খন, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (চিপিআই)য়ে ৩খন, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক৪খন আৰু এছ পি আৰু লোক জনশক্তি পাৰ্টিয়ে (ৰাম বিলাস) এখনকৈ আসনত প্ৰাৰ্থী প্ৰদান কৰিছিল । ইয়াৰ উপৰিও, 382 জন নিৰ্দলীয় প্ৰাৰ্থী আছিল ।

এই নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে সমগ্ৰ দিল্লীত ১৩,৬৩৮ টা ভোটকেন্দ্ৰ স্থাপন কৰিছিল ৷ ভোটকেন্দ্ৰবোৰত বোৰত প্ৰায় ১ লাখ কৰ্মচাৰী মোতায়েন কৰা হৈছিল ৷ ভোটাৰসকলৰ সুবিধাৰ বাবে ৬৮ টা আৰ্হিৰ ভোটকেন্দ্ৰ আৰু ৬৮ টা গুলপীয়া ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ এই ভোটকেন্দ্ৰসমূহত মুঠ ৪০ হাজাৰ সামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছিল । এই নিৰ্বাচনত 56,000 টা ইভিএম যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে ৷ নিৰ্বাচন আয়োগে স্বচ্ছভাৱে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’বলৈ বুথবোৰত চিচিটিভি স্থাপন কৰিছিল ।

লগতে পঢ়ক: Mother Killed Child: জঘন্য: মাতৃয়ে হত্যা কৰিলে দুই সন্তানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.