ETV Bharat / bharat

Firing in Jaipur Express: কিয় ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানে সংঘটিত কৰিলে হত্যাকাণ্ড; এটা ভিডিঅ’ই সৃষ্টি কৰিছে অধিক ৰহস্যৰ

author img

By

Published : Jul 31, 2023, 10:47 PM IST

মহাৰাষ্ট্ৰত জয়পুৰৰ পৰা মুম্বাই অভিমুখী চলন্ত ৰে’লত ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱানে জ্যেষ্ঠ সহকৰ্মীৰ লগতে তিনিজন যাত্ৰীক গুলীয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে ৷ এই খবৰ পোহৰলৈ অহাৰ পিচতে দেশজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ এনে সময়তে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ই বিষয়টো অধিক ৰহস্যৰ মাজলৈ লৈ গৈছে ৷

Firing in Jaipur Express
জয়পুৰ-মুম্বাই চেণ্ট্ৰে’ল এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক, ৩১ জুলাই : মহাৰাষ্ট্ৰত সোমবাৰে চলন্ত জয়পুৰ-মুম্বাই চেণ্ট্ৰে’ল এক্সপ্ৰেছত ৰে’ল সুৰক্ষা বাহিনীৰ এজন কনিষ্টবলে জ্যেষ্ঠ সহকৰ্মীৰ লগতে তিনিজন যাত্ৰীক গুলীয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে ৷ সুৰক্ষা বাহিনীৰ জোৱানজনক গ্ৰেপ্তাৰ কৰাৰ পাচত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা পোৱা গৈছে ৷ এই ভিডিঅ’টো তেওঁ কিয় এই নিশংস ঘটনা সংঘটিত কৰাৰ চৰম সিদ্ধান্ত লৈছিল তাৰ ইংগিত দিয়া হৈছে ।

চলন্ত ৰে’লখনত কনিষ্টবল চেতন সিঙে (৩৪) আৰ পি এফৰ সহকাৰী উপ পৰিদৰ্শক টিকা ৰাম মীনা আৰু আন তিনিজন যাত্ৰী ক্ৰমে আব্দুল কাদিৰভাই মহম্মদ হুছেইন ভানপুৰৱালা (৪৮), আখতাৰ আব্বাছ আলী (৪৮), আৰু সদৰ মহম্মদ হুছেইনক গুলীয়াই হত্যা কৰে । মুম্বাই অভিমুখী জয়পুৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লখনে ভাপি ষ্টেচন (গুজৰাটত) পাৰ হোৱাৰ পিছত পুৱা ৫ বজাত সংঘটিত হয় এই ঘটনা ।

ৰে’লৱেৰ এজন বিষয়াই জনোৱা মতে, তিনিজন নাগৰিকৰ এজনক বি ৫ ডবাত, আন এজনক বি ৬ত আৰু তৃতীয়জনক বি ৫ আৰু বি ৬ ডবাৰ মাজত অৱস্থিত পেণ্ট্ৰিকাৰত গুলীয়াই হত্যা কৰা হয় । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত অভিযুক্ত আৰ পি এফৰ কনিষ্টবলজনক তিনিজন যাত্ৰীৰ এজন মৃতদেহৰ সন্মুখত থিয় হৈ থকা দেখা গৈছে । তেওঁ কোৱা শুনা যায়, “পাকিস্তান সে অপাৰেট হুই হায়, তুমহাৰী মিডিয়া । য়াহি দেশ কি মিডিয়া য়ে খাব্ৰেইন দিখা ৰহি হায়, পাটা চলি ৰহা হায় উনকো, সব পতা চলি ৰহা হায়, ইনকে আকা হায় ৱাহান…আগৰ হিন্দুস্তান মে ৰেহনা হায়, তোহ মাই কেহতা হুন…”

অভিযুক্ত কনিষ্টবলজনৰ ভৰিৰ তলত নিহত লোকজনক তেজৰ চেঁকুৰা দেখা পোৱা গৈছে আৰু ৰে’লখনৰ আন যাত্ৰীসকলে ভয় ভয়ে সকলো লক্ষ্য কৰে ৷ ভিডিঅ’টোত অভিযুক্ত জোৱানজনক এটা বগীৰ পৰা আন এটা বগীলৈ যোৱা দেখা গৈছিল আৰু এটা নিৰ্দিষ্ট সম্প্ৰদায়ক দৃশ্যগত পৰিচয়ৰে চিনাক্ত কৰি নিজৰ লক্ষ্য স্থিৰ কৰা দেখা গৈছিল ।

ইয়াৰ পাচত উত্তৰ প্ৰদেশৰ হাথৰাছৰ বাসিন্দা চেতন সিঙক মীৰা ৰোড আৰু দহিছাৰ ষ্টেচনৰ মাজত (মুম্বাইৰ উপনগৰ নেটৱৰ্কত) ৰে’লৰ শিকলি টানি পলাবলৈ চেষ্টা কৰা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় । ৰে’ল আৰক্ষীৰ আয়ুক্ত ৰবীন্দ্ৰ শিশ্বৱে ভিডিঅ’ ক্লিপটোৰ সন্দৰ্ভত বৰ্তমান কোনো তথ্য প্ৰকাশ কৰাটো উপয়ুক্ত নহয় বুলি মন্তব্য কৰে ৷ তেওঁ অন্যান্য সামগ্ৰীৰ লগতে এই ভিডিঅ’ ক্লিপটোৰ পৰীক্ষণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

তেওঁ লগতে কয়, "চলন্ত ৰে'লত সংঘটিত হোৱা এইটোৱেই প্ৰথম ঘটনা । যাত্ৰীসকল ভয় খাইছে । আমি তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে আৰক্ষীয়ে এই কাণ্ডৰ বিতং তদন্ত কৰিব ।" পিটিআইৰ তথ্য অনুসৰি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে অভিযুক্ত আৰ পি এফৰ কনিষ্টবলজন খঙাল স্বভাৱৰ । জি আৰ পিৰ তথ্য অনুসৰি সিঙে নিজৰ অটোমেটিক অস্ত্ৰৰ পৰা ১২ ৰাউণ্ড গুলীচালনা কৰে ৷ এই ঘটনাৰ পিছতে জি আৰ পিয়ে তেওঁৰ স্বয়ংক্ৰিয় অস্ত্ৰৰ পৰা ৮জাঁই গুলী উদ্ধাৰ কৰে ।

উল্লেখ্য যে, এই ঘটনাৰ পিছতে বৰিভালি ষ্টেচনত পুৱা ৬.২১ বজাৰ পৰা ৭.১৫ বজালৈ প্ৰায় এঘণ্টা ধৰি ৰে’লখন ৰখাই থোৱা হয় । ৰে’লখনৰ প্ৰায় ৭২ মিনিট পলমকৈ পুৱা ৮.০৭ বজাত গন্তব্যস্থান মুম্বাই চেণ্ট্ৰে’ল ষ্টেচনত উপস্থিত হয় । বি ৫ আৰু বি ৬ ডবাৰ অধিকাংশ যাত্ৰী বৰিভালি ষ্টেচনত নামিছিল ।

ৰে’লৱেৰ বিষয়াসকলৰ মতে, অভিযুক্ত কনিষ্টবলজনক যোৱা মাৰ্চ মাহত ভৱনগৰ সংমণ্ডলৰ পৰা মুম্বাইলৈ বদলি কৰা হৈছিল আৰু শেহতীয়াকৈ তেওঁৰ জন্মস্থান হাথৰছ ভ্ৰমণ কৰিছিল । ১৭ জুলাইত তেওঁ কৰ্তব্যত যোগদান কৰে । ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যাৰ শাস্তি) ধাৰা আৰু অস্ত্ৰ আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক: Firing in Jaipur Express: চলন্ত ৰে’লত চাৰিজনক গুলিয়াই হত্যা; আৰক্ষীৰ জিম্মাত সুৰক্ষা জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.