নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ : লোকসভাত উত্থাপিত মহিলা সংৰক্ষণ বিধেয়কৰ পৰা বিজেপিয়ে ৰাজনৈতিক লাভালাভ উলিয়াবলৈ চেষ্টা কৰা বুলি দাবী কৰা ৰাজ্যসভাৰ সাংসদ কপিল ছিবালক প্ৰত্যুত্তৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ৷ মঙলবাৰে মন্ত্ৰী ঠাকুৰে কয় যে আইন প্ৰণয়নৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত প্ৰাক্তনজন আইন মন্ত্ৰী আছিল ৷ ২০০৮ চনৰ আগতে প্ৰস্তাৱ উত্থাপন কৰা হৈছিল আৰু তেওঁ জানে যে তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এৰ কেতিয়াও বিধেয়কখন গৃহীত কৰাৰ উদ্দেশ্য নাছিল ।
সংসদ আৰু অন্যান্য বিধায়িনী সংস্থাসমূহত মহিলা নেত্ৰীসকলক ন্যায্য প্ৰতিনিধিত্ব প্ৰদান কৰিব বিচৰা মহিলা সংৰক্ষণ বিধেয়কখন মঙলবাৰে চলি থকা সংসদৰ বিশেষ অধিৱেশনৰ সময়ত নিম্ন সদনত উত্থাপন কৰা হয় । ঠাকুৰে অভিযোগ কৰে যে ২০১০ চনত কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত মহিলা নেত্ৰীসকলক সংৰক্ষণ দিব বিচৰা নাছিল আৰু এতিয়াও দিব বিচৰা নাই ।
ইয়াৰ পূৰ্বে মঙলবাৰে ছিবালে কয়, "তেওঁলোকে (বিজেপি নেতৃত্বাধীন এন ডি এ) ২০২৪ চনত মহিলা সংৰক্ষণ বিধেয়কৰ পৰা ৰাজনৈতিক সুবিধা আহৰণ কৰিব বিচাৰিছে, ঐতিহাসিক আইনখন তেওঁলোকে আনিছে বুলি কয় । তেওঁলোকে এই কাম ২০১৪ চনত কৰা উচিত আছিল । ইমান ঐতিহাসিক কি আছে । মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী হোৱাৰ আগতে লোকপিয়ল আৰু সীমা নিৰ্ধাৰণৰ কচৰৎ হ'ব । যদি লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ নহয় তেন্তে কি হ'ব ?"
ছিবালৰ এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই ঠাকুৰে এএনআইক কয়, "তেওঁ তেতিয়া মন্ত্ৰী আছিল (২০০৮ চনত যেতিয়া ইউপিএৰ অধীনত একেধৰণৰ আইন দাখিল কৰা হৈছিল)। তেওঁ জানিছিল যে কংগ্ৰেছে কেৱল আইনখন অনাৰ অভিনয়হে কৰিছিল । ২০০৮ চনত বিধেয়কখন দাখিল কৰা হৈছিল আৰু তাৰ এবছৰৰ পিছত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল । কিন্তু গৃহীত কৰাৰ পৰিৱৰ্তে আইনখনৰ খচৰাখন স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হৈছিল । তেওঁলোকে (কংগ্ৰেছে) তেতিয়া মহিলাসকলক সংৰক্ষণ দিয়াৰ উদ্দেশ্য নাছিল আৰু এতিয়াও তেওঁলোকে নিবিচাৰে ।"
বিজেপি নেতাগৰাকীয়ে কয় যে কংগ্ৰেছে ইন্দিৰা গান্ধীৰ নেতৃত্বত নাৰীক সংৰক্ষণ দিয়া নাছিল আৰু সেই দিশত কোনো অগ্ৰগতি লাভ কৰা নাছিল । কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মঙলবাৰে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথমখন বৈঠকত বিধেয়কখন উত্থাপন কৰে । এই বিধেয়কখনৰ নাম ৰখা হৈছিল ‘নাৰী শক্তি বন্দন অধিনিয়ম’।
নিম্ন সদনত বিধেয়কখন উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, "এই বিধেয়কখন মহিলা সবলীকৰণৰ বিষয় । সংবিধানৰ ২৩৯ এ অনুচ্ছেদ সংশোধন কৰি দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ'ব । অনুচ্ছেদ ৩৩০ A ত হাউছ অৱ পিপলত অনুসূচিত জাতি/জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।"
লগতে পঢ়ক : Assam CM on Sanatan culture: ছত্তীশগড়ত সনাতন সংস্কৃতিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোন্ধ পাইছে হিমন্ত বিশ্ব শৰ্মাই