ETV Bharat / bharat

উত্তৰাখণ্ডত বিবাহ অনুষ্ঠানত ২০০ গৰাকী ব্যক্তি সমবেত হ'ব পাৰিব - উত্তৰাখণ্ডত বিবাহ অনুষ্ঠানত ২০০ গৰাকী ব্যক্তি সমবেত হ'ব পাৰিব

কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে উত্তৰাখণ্ড চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এক বিবৃতিযোগে উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্ৰকাশে জনোৱা মতে কণ্টেইনমেণ্ট জ'নৰ বাহিৰে বিবাহ অনুষ্ঠানত মাত্ৰ ২০০ জন লোকহে সমবেত হ'ব পাৰিব । ৰাজ্যিক কেবিনেটে ডেৰাডুন, হালদৱানী আৰু হৰিদ্বাৰত প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়সমূহ ৩০ এপ্ৰিললৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উত্তৰাখণ্ডত বিবাহ অনুষ্ঠানত ২০০ গৰাকী ব্যক্তি সমবেত হ'ব পাৰিব

author img

By

Published : Apr 13, 2021, 1:18 PM IST

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: দেশত বৃদ্ধি হোৱা মহামাৰীৰ ভয়ংকৰ ৰূপে পুনৰবাৰ চিন্তাত পেলাইছে সাধাৰণ ৰাইজ তথা চৰকাৰক । প্ৰতিখন ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কিছুমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ।

কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে উত্তৰাখণ্ড চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এক বিবৃতিযোগে উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্ৰকাশে জনোৱা মতে কণ্টেইনমেণ্ট জ'নৰ বাহিৰে বিবাহ অনুষ্ঠানত মাত্ৰ ২০০ জন লোকহে সমবেত হ'ব পাৰিব ।

ইফালে ৰাজ্যখনৰ ডেৰাডুনত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে । ৰাজ্যিক কেবিনেটে ডেৰাডুন, হালদৱানী আৰু হৰিদ্বাৰত প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়সমূহ ৩০ এপ্ৰিললৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰাখণ্ডত সোমবাৰৰ দিনটোত ১,৩৩৪ টা নতুন ক'ভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১,১০,১৪৬ টা ।

ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনা আছে ৭,৮৪৬ টা । উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্ৰকাশে শনিবাৰে ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়া আৰু জিলা দণ্ডাধীশৰ (ডিএম) সৈতে সচিবালয়ত মহামাৰী পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠকত মিলিত হৈছিল ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশ পঞ্চায়ত নিৰ্বাচনঃ যোগেশ বাৰ্মা, পৱন গুপ্তাক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.