ETV Bharat / bharat

বিভিন্ন বিষয়কলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ - নৰেন্দ্ৰ মোডী

মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত মহাৰাষ্ট্ৰ চৰকাৰৰ এটা প্ৰতিনিধি দলৰ মাজত মাৰাঠা আৰু অ'বিচি সংৰক্ষণ আৰু ঘূৰ্ণীবতাহ টাউতৰ সাহাৰ্য ব্যৱস্থাৰ দৰে কেইবাটাও বিষয়সমূহৰ ওপৰত বৈঠক অনুষ্ঠিত হয় ।

meets PM Modi
বিভিন্ন বিষয়কলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jun 8, 2021, 4:45 PM IST

নেশ্যনেল ডেস্ক, ৮ জুন : মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰ চৰকাৰৰ এটা প্ৰতিনিধি দল মাৰাঠা আৰু অ'বিচি সংৰক্ষণ আৰু ঘূৰ্ণীবতাহ টাউতেৰ সাহাৰ্য ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত উপস্থিত হয় । মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু ৰাজ্যিক মন্ত্ৰী অশোক চৱনো আছে ।

এই আলোচনাৰ পূৰ্বে সোমবাৰে জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক তেওঁৰ চৰকাৰী বাসভৱন ‘বৰ্ষা’ত সাক্ষাৎ কৰিছিল । সূত্ৰৰ মতে দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰীৰ সন্মুখত গ্ৰহণ কৰিবলগা গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা কৰে ।

সোমবাৰে সাংবাদিকসকলক সম্বোধন কৰি মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী দিলীপ ৱালছে পাটিলে কয় যে, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ নেতৃত্বত মহাৰাষ্ট্ৰ চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে মঙলবাৰে দিল্লীত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব । তেওঁলোকে মাৰাঠা সংৰক্ষণ, অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) সংৰক্ষণ আৰু ঘূৰ্ণীবতাহ টাউতেৰ সাহাৰ্যৰ দৰে বিষয়বোৰ আলোচনা কৰিব ।

উল্লেখ্য যে, বিগত মাহত উদ্ধৱ ঠাকৰেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক চিঠি প্ৰেৰণ কৰিছিল য'ত ৰাজ্যখনৰ মাৰাঠা সম্প্ৰদায়ক সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা (এছইবিচি) হিচাপে ঘোষণা কৰিবলৈ পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছিল ।

২০২১ চনৰ ৫ মে'ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ, এল নাগেশ্বৰ ৰাও, এছ আব্দুল নাজিৰ, হেমন্ত গুপ্তা আৰু ৰবীন্দ্ৰ ভাটক লৈ গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে এক ৰায়ত কয় যে মাৰাঠা সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত শ্ৰেণীৰ ভিতৰত অনাৰ বাবে শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা সম্প্ৰদায় হিচাপে ঘোষণা কৰিব নোৱাৰি ।

লগতে পঢ়ক:বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.