নিউজ ডেস্ক, ২৪ডিচেম্বৰ: ওডিশাৰ ৰায়াগদা জিলাৰ এখন হোটেলত শনিবাৰে এজন ৰাছিয়ান নাগৰিকে আত্মহত্যা কৰে ৷ ৰাছিয়ান নাগৰিকজনৰ আত্মহত্যাক কেন্দ্ৰৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ হোটেলৰ চাদৰ পৰা জপিয়াই মৃত্যু হয় ৰাছিয়ান পৰ্যটকগৰাকীৰ । এই ঘটনাৰ খৱৰ লাভ কৰাৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত ৰাছিয়ান নাগৰিকজন এণ্টোনা পাভলু বুলি জানিব পৰা হৈছে(Russian tourist found dead in Odisha hotel) ৷
তাপৰ্যপূৰ্ণভাৱে ২২ ডিচেম্বৰত একেখন হোটেলতে আন এজন পৰ্যটকৰ মৃত্যু হৈছিল । ইফালে শুকুৰবাৰে পুৱা ৰায়গাদা চহৰত সন্দেহজনক অৱস্থাত আন এজন ৰাছিয়ান পৰ্যটকক তেওঁৰ হোটেলৰ কোঠাৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল । তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ অত্যাধিক সুৰাপান কৰাটো সন্দেহ কৰা হৈছে যদিও এতিয়ালৈ তেওঁৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই ।
খবৰ অনুসৰি, ভ্লাদিমিৰ বাইদানোভ (৬১) নামৰ মৃত ব্যক্তিজন ৰাছিয়াৰ চাৰিজন পৰ্যটকৰ ভিতৰত আছিল, যি ২১ ডিচেম্বৰত ডেৰিংবাডিৰ পৰা ৰায়গাদাত উপস্থিত হৈছিল আৰু হোটেল চাই ইণ্টাৰনেচনেলত আছিল । যোৱা নিশা, সকলো পৰ্যটক আৰু তেওঁলোকৰ গাইড জীতেন্দ্ৰ সিঙে তেওঁলোকৰ নিজ নিজ কোঠালিলৈ শুবলৈ গৈছিল । পুৱা, মৃত লোকজনৰ ৰুমমেটজনে হোটেলৰ কৰ্মচাৰী আৰু গাইডক এই বিষয়ে অৱগত কৰে ৷
হোটেল কৰ্তৃপক্ষ আৰু গাইডজনে ভ্লাদিমিৰক অচেতন অৱস্থাত পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে । এই খবৰ লাভ কৰাৰ পাচতেই হোটেলখনত আৰক্ষী হোটেলত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । দূতাবাসকো বিষয়টোৰ বিষয়ে অৱগত কৰা হৈছে । গাইড জীতেন্দ্ৰ সিঙে সদৰী কৰা অনুসৰি ভ্লাদিমিৰে আগনিশা অতিৰিক্ত সুৰা সেৱন কৰিছিল ৷ তেওঁ হৃদযন্ত্ৰ সম্পৰ্কীয় কিছুমান সমস্যাতো ভুগি আছিল ।