ETV Bharat / bharat

দক্ষিণ কাশ্মীৰত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ - মালিকৰ পৰা এটা পিষ্টল আৰু সাত জাঁই গুলী জব্দ

দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ জালত ২ সন্ত্ৰাসবাদী । দুয়োজনেই সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (Lashkar-e-Toiba)ৰ শাখা দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট(TRF)ৰে সক্ৰিয়ভাৱে জড়িত হৈ আছিল ।

Two militants arrested from south Kashmir
দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনীৰ জালত ২ সন্ত্ৰাসবাদী
author img

By

Published : Nov 8, 2021, 2:15 PM IST

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ : দক্ষিণ কাশ্মীৰৰ দুটা পৃথক স্থানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিল যুটীয়া অভিযান । এই অভিযানত ২টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে । সোমবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, দুয়োজনেই সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (Lashkar-e-Toiba)ৰ শাখা দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট(TRF)ৰে সক্ৰিয়ভাৱে জড়িত হৈ আছিল ।

এজনক অনন্তনাগ আৰু আনজন পুলৱামাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অনন্তনাগৰ ৱাহাদান অঞ্চলৰ পৰা হাফিজ আব্দুল্লা মালিক নামৰ সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰা হয় আৰু পুলৱামাৰ পৰা সৰৱাৰ আহমেদ মীৰক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে । মীৰ, পুলৱামাৰ বাথেন অঞ্চলৰ বাসিন্দা । কেইদিনমান পূৰ্বে মীৰে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল ।

আনহাতে, মালিকে ২০২১ চনৰ ২৫ ছেপ্টেম্বৰতে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল । গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চল দুটাত তালচী অভিযান চলায় । অভিযানকাৰী দলটোৱে হাফিজ আব্দুল্লা মালিকৰ পৰা এটা পিষ্টল আৰু সাত জাঁই গুলী জব্দ কৰে ।

সম্প্ৰতি দুয়োজনৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । চলিত বৰ্ষত জম্মু-কাশ্মীৰত সঘনাই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে । কিছু দিন পূৰ্বে নিৰাপত্তা বাহিনীৰ গুলীত সন্ত্ৰাসবাদী ধৰাশায়ী হোৱাৰ ঘটনাও পোহৰলৈ আহিছিল ।

লগতে সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষও সংঘটিত হৈছে । চলিত বৰ্ষত কৰ্তব্যৰত অৱস্থাত নথকা সময়ত অৰ্থাৎ নিৰস্ত্ৰ হৈ থকা সময়তো আৰক্ষী বিষয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদীয়ে । আনহাতে, বহু সাধাৰণ নাগৰিক সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হ'বলগীয়া হৈছে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.