ETV Bharat / bharat

Mask mandatory in Tripura: মাস্ক পৰিধান নকৰিলে 200 টকা জৰিমনা

author img

By

Published : Jul 17, 2022, 5:35 PM IST

ত্ৰিপুৰাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে সোমবাৰৰ পৰা মাস্ক পৰিধান বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে (COVID-19 cases increased in Tripura) ৷ মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 200 টকা জৰিমনা নিৰ্দেশনা (Tripura Government has decided to impose 200 fine if mask is not worn) ৷

tripura to impose fine of rs 200 if people dont wear masks from monday
Mask mandatory in Tripura: মাস্ক পৰিধান নকৰিলে বিহিব লাগিব 200 টকা জৰিমনা

আগৰতলা, 17 জুলাই: দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপে বৃদ্ধি পাইছে ত্ৰিপুৰাত ৷ ক’ভিড 19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বাৰাম্বাৰ মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে যদিও প্ৰশাসনৰ আহ্বানক আওকাণ কৰা পৰিলক্ষিত হৈছে জনসাধাৰণে ৷

সেয়েহে, 18 জুলাইৰ পৰা ত্ৰিপুৰাত ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে (Wearing mask is mandatory in Tripura) ৷ মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 200 টকাকৈ জৰিমনা ৷ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা ৷ ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজক ৰাজহুৱা স্থানত ক’ভিড 19 ৰ নীতি-নিয়মাৱলী মানি চলিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে, ত্ৰিপুৰাত যোৱা 24 ঘণ্টাত ক’ভিড 19 ত আক্ৰান্ত হৈছে 260 জন লোক (Tripura recorded 260 positive cases of COVID-19)৷ পজিটিভিটি হাৰ 10.92 শতাংশলৈ বৃদ্ধি পাইছে (Positivity rate of 10.92 percent in the last 24 hours)৷ লগতে সুস্থ হৈ উঠিছে 38 জন লোক । ৰাজ্যৰ স্বাস্থ্য বিভাগে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২২৪০ টা আৰ এ টি আৰু ১৪০ টা আৰ টি পি চি আৰ সামৰি মুঠ ২৩৮০ টা নমুনা পৰীক্ষা কৰা হৈছে (2240 RATs and 140 RTPCRs were tested)।

লগতে পঢ়ক: Covid in India: ভাৰতত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.