ETV Bharat / bharat

তৃণমূলত যোগদান নকৰে পীযুষ বিশ্বাসে

author img

By

Published : Aug 22, 2021, 5:59 PM IST

তৃণমূললৈ নাযায় পীযুষ বিশ্বাস ৷ এই কথা নিশ্চিত কৰিলে খোদ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে ৷ সুস্মিতা দেৱ(Susmita Dev)ৰ তৃণমূল কংগেছত যোগদানৰ পাচতে বিশ্বাসৰ পদত্যাগৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কংগ্ৰেছৰ বাবে ৷ ব্যক্তিগত কাৰণত সক্ৰিয় ৰাজনীতিৰ পৰা বিদায় ল'ব খোজা বুলি জানিবলৈ দিছিল পীযুষ বিশ্বাসে ৷

Tripura PCC chief quits party in morning makes a evening return

আগৰতলা, 22 আগষ্ট : প্ৰায় এদিন ধৰি চলা ৰুদ্ধশ্বাস ৰাজনৈতিক নাটকৰ পাচত শনিবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটি(Tripura Pradesh Congress committee)ৰ সভাপতি পিযুষ বিশ্বাসে তেওঁৰ পদত্যাগৰ লগতে সক্ৰিয় ৰাজনীতি ত্যাগ কৰা সিদ্ধান্তৰ ক্ষেত্ৰত U-turn লোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যখনৰ AICCৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া ড৹ অজয় কুমাৰে বিশ্বাসক কংগ্ৰেছৰ সৈতে থকাৰ বাবে পতিয়ন নিয়াই ৷

সুস্মিতা দেৱ(Susmita Dev)ৰ তৃণমূল কংগেছত যোগদানৰ পাচতে বিশ্বাসৰ পদত্যাগৰ বিষয়টো উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছ( Congress in North East)ৰ বাবে এক বৃহৎ অথন্তৰ হিচাপে পৰিগণিত হৈছে ৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত বিশ্বাসে সদৰী কৰা অনুসৰি, তৃণমূল কংগ্ৰেছত তেওঁ যোগদান কৰাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ ৷ পূৰ্বসূৰী প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে দলৰ নেতৃত্ব শূণ্য কৰি এৰি যোৱাৰ পাচতে প্ৰবীণ কংগ্ৰেছ নেতা তথা এজন প্ৰসিদ্ধ অপৰাধী অধিবক্তা বিশ্বাসক দলৰ অন্তৱৰ্তীকালীন দয়িত্ব দিয়া হৈছিল ৷ ব্যক্তিগত কাৰণত তেওঁ ৰাজনীতিত থাকিবলৈ ইচ্ছুক নহয় বুলি বিশ্বাসে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

তেওঁ কয়, "মোক প্ৰয়োজনীয় সৰ্বস্ব দিয়া মোৰ বৃত্তি মই অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছো আৰু সেয়ে মই সক্ৰিয় ৰাজনীতি ত্যাগ কৰিব খুজিছো ৷ কংগ্ৰেছৰ সভাপতি হিচাপে মোৰ কাৰ্যকালত সমৰ্থন আগবঢ়োৱা সকলো সহকৰ্মী আৰু নেতাক মই ধন্যবাদ জনাইছো" ৷

লগতে পঢ়ক : তৃণমূলত সুস্মিতাৰ যোগদানে খহাইছে বৰাকত কংগ্ৰেছৰ ভেঁটি

বিশ্বাসে অভিযোগ কৰিছিল যে, তেওঁৰ অভিযোগ বা তেওঁ কৰিব খোজা কামক দলৰ মজিয়াত খুউব কম প্ৰধান্য দিয়া হৈছিল ৷ দলৰ মজিয়াত তেওঁৰ অভিযোগসমূহ কমেইহে উত্থাপিত কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰি বিশ্বাসে উল্লেখ কৰে যে, "জিলা আৰু খণ্ড পৰ্যায়ৰ সমিতি(district and block level committees)সমূহ পুনৰ গঠনৰ ক্ষেত্ৰত মুক্তভাৱে কাম কৰাৰ বাবে দলে মোক কেতিয়াও সুবিধা দিয়া নাই ৷ 2016ত বিৰজিৎ সিনহা টিপিচিচিৰ সভাপতি হৈ থকাৰ সময়তেই এই কমিটিকেইখন গঠন কৰা হৈছিল ৷ চাৰি বছৰৰ পাচৰ পৰিস্থিতিয়ে নিশ্চয়কৈ কিছু পৰিৱৰ্তন বিচাৰিছিল কিয়নো আমাৰ নিৰ্বাচনৰ ফলাফলে স্পষ্টভাৱে এই কথাৰ ইংগিত দিছিল যে, পুৰণি সমিতি কেইখনকৈ লৈ নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়োৱাটো আত্মঘাতী সিদ্ধান্তৰ বাদে আন একো নহয়" ৷

উল্লেখ্য যে, বিশ্বাসে দল ত্যাগ কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যখনত ভুমুকি মৰা নতুন বিৰোধী মঞ্চলৈ তেওঁক আহ্বান জনোৱাৰ উদ্দেশ্যে কোনো সময় নষ্ট নকৰাকৈ তৃণমূল কংগ্ৰেছ জপিয়াই পৰা পৰিলক্ষিত হয় ৷ যদিহে সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যক বিশ্বাস কৰিব পাৰি তেন্তে, তৃণমূলৰ second in command অভিষেক বেনাৰ্জীয়েও ফোনযোগে বিশ্বাসৰ সৈতে কথা পাতিছিল ৷ বহু আকৰ্ষণীয় প্ৰস্তাৱৰ সৈতে তৃণমূলৰ বহুকেইজন জ্যেষ্ঠ নেতা বিশ্বাসৰ কাষ চাপিছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত বাঁওপন্থীৰ পৰা সহায় বিচাৰিলে তৃণমূলে

অৱশ্যে তৃণমূলত যোগদানক লৈ চলি থকা সকলো চিন্তা-চৰ্চাক অগ্ৰাহ্য কৰি বিশ্বাসে এই সকলোবোৰ ভিত্তিহীন মন্তব্য বুলি জানিবলৈ দিয়ে ৷ আদালতত I-PACৰ হৈ হাজিৰ হোৱা কথাটো সঁচা বুলি জানিবলৈ দি তেওঁ কয় যে, "পশ্চিম বংগত তৃণমূলৰ হৈ কাম কৰা I-PACৰ হৈ মই আদালতত হাজিৰ হোৱা কথাটো সঁচা ৷ কিন্তু, অন্য ৰাজ্যত এই কোম্পানীটোৱে কংগ্ৰেছ দলৰ হৈ কাম কৰি আছে ৷ এই সকলোবোৰ অতি পেছাদাৰী বিষয় আৰু কোনো ধৰণৰ ৰাজনীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই "৷

প্ৰাপ্ত তথ্য অনুসৰি, AICCৰ অধ্যক্ষ ছোনিয়া গান্ধী(AICC chairperson Sonia Gandhi) আৰু ড৹ অজয় কুমাৰে এই সমগ্ৰ সমস্যা দূৰ বাবে ব্যক্তিগতভাৱে প্ৰচেষ্টা হাতত লৈছে ৷ তেওঁলোকে বিশ্বাসক তেওঁৰ সকলো অভিযোগ সমাধান কৰাৰ আশ্বাস দিয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত দলীয় কাম-কাজ সুশৃংখল কৰাৰ ক্ষেত্ৰত AICC আগ্ৰহী বুলি অৱগত কৰিছিল ৷

লগতে পঢ়ক : 2023ত ত্ৰিপুৰাত 2021ৰ পশ্চিমবংগ নিৰ্বাচনৰ পুনৰাবৃত্তি হ'ব: ব্ৰাত্য বাসু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.