ETV Bharat / bharat

ত্ৰিপুৰাৰ নগৰ অঞ্চলত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি - নগৰ অঞ্চল

৪ মে'ৰ পৰা ত্ৰিপুৰাৰ নগৰ অঞ্চলত বলৱৎ হ'বলগীয়া নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি । ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে । ৰাজ্যখনৰ নগৰ অঞ্চলত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে বলৱৎ হ'ব নৈশ সান্ধ্য আইন । পূৰ্বে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছিল চৰকাৰে ।

Tripura government has imposed night curfew
ত্ৰিপুৰাৰ নগৰ অঞ্চলত সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি
author img

By

Published : May 3, 2021, 10:18 AM IST

নেশ্যনেল ডেস্ক, ৩ মে': কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সান্ধ্য আইন জাৰি কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে ত্ৰিপুৰা চৰকাৰ । ৪ মে'ৰ পৰা ত্ৰিপুৰাৰ নগৰ অঞ্চলত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন । কিন্তু নৈশ সান্ধ্য আইন বলৱৎ হোৱাৰ পূৰ্বেই ৰাজ্য চৰকাৰে সান্ধ্য আইন বলৱৎ হ'বলগীয়া সময়চোৱাৰ ক্ষেত্ৰত কিছু সালসলনি কৰিছে । পূৰ্বে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছিল ত্ৰিপুৰা চৰকাৰে ।

এতিয়া এক নতুন নিৰ্দেশনা যোগে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে । সোমবাৰে শিক্ষামন্ত্ৰী ৰতন লাল নাথে জনোৱা মতে, আগৰতলা চহৰক বাদ দি ২০ খন নগৰীয়া স্থানীয় নিকায়ত নৈশ সান্ধ্য আইন জাৰি কৰা হোৱা নাছিল । তেওঁৰ মতে, ৰাজ্যখনত মহামাৰীৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে ।

বিগত সপ্তাহত হোৱা সংক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে, দেওবাৰে ৰাজ্যখনত ২৪৭ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে আৰু এনে পৰিস্থিতিত চৰকাৰে নিৰৱে থাকিব নোৱাৰে । সেয়ে, সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে ।

তেওঁ জনোৱা মতে, মুখ্য সচিবে সোমবাৰে এই সন্দৰ্ভত এক বিতং নিৰ্দেশনা জাৰি কৰিব আৰু আগৰতলা পৌৰ নিগমকে ধৰি ২১ খন নগৰীয়া স্থানীয় নিকায়ত ৪ মে'ৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হ'ব । তেওঁৰ মতে, ৰাজ্যখনৰ নগৰ অঞ্চলত সংক্ৰমণৰ হাৰ অধিক ।

ত্ৰিপুৰা চৰকাৰে চৰকাৰী কাৰ্যালয়সমূহৰ বাবে এক নিৰ্ধাৰিত নিষেধাজ্ঞা জাৰি কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে । চৰকাৰী কাৰ্যালয়সমূহত কাম কৰাৰ সময় পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ হ্ৰাস কৰা হৈছে ।

লগতে পঢ়ক:মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতক টাইৱানৰ সহায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.