ETV Bharat / bharat

ত্ৰিপুৰা চৰকাৰে ক‘ভিড-19ৰ পৰীক্ষাৰ সুবিধা বৃদ্ধি কৰক : বাদল চৌধুৰী

author img

By

Published : Apr 17, 2021, 6:45 AM IST

ত্ৰিপুৰা চৰকাৰক ক‘ভিড-19ৰ পৰীক্ষাৰ সুবিধা বৃদ্ধি কৰিবলৈ আহ্বান ত্ৰিপুৰাৰ বিৰোধী নেতা তথা তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী বাদল চৌধুৰীৰ ৷ ক‘ভিড19ৰ দ্ৰুত পৰীক্ষাৰ জৰিয়তেহে ৰাজ্যখনত কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি দাবী কৰে চিপিআইএম নেতাগৰাকীয়ে ৷

tripura-cpim-press-meet
ত্ৰিপুৰা চৰকাৰে ক‘ভিড-19ৰ পৰীক্ষাৰ সুবিধা বৃদ্ধি কৰক: বাদল চৌধুৰী

আগৰতলা, 17 এপ্ৰিল: ত্ৰিপুৰাৰ বিৰোধী নেতা তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী বাদল চৌধুৰীয়ে শুকুৰবাৰে ৰাজ্য চৰকাৰক ক‘ভিড-19ৰ পৰীক্ষাৰ সুবিধা বৃদ্ধি কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, চিপিআইএম দলে অনুভৱ কৰে যে একমাত্ৰ ক‘ভিডৰ দ্ৰুত পৰীক্ষাৰ জৰিয়তেহে ৰাজ্যখনত কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব ৷

চিপিআইএম দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি চৌধুৰীয়ে কয় যে, "ৰাজ্যখনত ক‘ভিড ১৯ত আক্ৰান্তৰ সংখ্যা নতুনকৈ বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে ৷ এতিয়া আমাৰ সকলোৰে প্ৰাথমিক কৰ্তব্য হ'ব লাগে ভাইৰাছটোক পৰাস্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাতো । ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগিব যাতে কোনো সংক্ৰমিত ব্যক্তি নিৰীক্ষণৰ আওতাৰ বাহিৰত নাথাকে । বাছ ষ্টপ, ৰে'ল ষ্টেচন, বিমানবন্দৰ আৰু অন্যান্য সাম্ভাব্য পথক সামৰি এক তীব্ৰ ইণ্ডেটিফিকেচন অভিযান আৰম্ভ কৰা প্ৰয়োজন যাৰ জৰিয়তে ভাইৰাছটোক ৰাজ্যখনত প্ৰৱেশ কৰাত বাধা দিব পাৰে ।"

লগতে পঢ়ক: অসমত নতুনকৈ ৫৭৩ গৰাকী লোক ক'ৰনাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.