ETV Bharat / bharat

ক'ভিডৰ নতুন ঢৌৰ সতৰ্কবাণী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Apr 25, 2022, 2:07 PM IST

আকৌ বাঢ়িছে ক'ভিডৰ সংক্ৰমণ(Covid infection swells again) । দিল্লীত ক'ভিদৰ নতুন সংক্ৰমণ ধৰা পৰাৰ পাছতেই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ সতৰ্কবাণী(Tripura CM sounds alerts of new wave of Covid) । ৰাজ্যখনৰ লোকসকলক পুনৰ ক'ভিডৰ উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

tripura-cm-sounds-alerts-of-new-wave-of-covid
ক'ভিদৰ নতুন ঢৌৰ সতৰ্কবানী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

আগৰতলা,২৫ এপ্ৰিল: পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ(Covid infection swells again) । ক'ভিদৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়সমূৰহ ৰাজ্যতে জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনোৱা হৈছে । সমান্তৰালভাৱে ত্ৰিপুৰাটো মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে(Tripura CM sounds alerts of new wave of Covid) ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বনমালিপুৰ সমষ্টিত এখন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰি কয় যে সকলো পুনৰ সজাগ হোৱা উচিত(Tripura CM flagged of a newly purchased Ambulance) । মুখ্যমন্ত্ৰী দেৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাটত দেশবাসীক ক'ভিডৰ সজাগতা সন্দৰ্ভত আগবঢ়োৱা মন্তব্যক উনুকিয়াই দিয়ে ।

দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, হাত পৰিষ্কাৰ কৰাকে ধৰি সকলোৱে ক’ভিডৰ উপযুক্ত আচৰণ তথা নীতি নিৰ্দেশনা মানি চলিব লাগে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী দেৱে । তেওঁ লগতে কয় যে নতুন দিল্লীত ক'ভিড সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পাইছে আৰু কেইবাজনো লোকৰ মৃত্যু হৈছে । ভেকছিন প্ৰসংগও উল্লেখ কৰে বিপ্লৱ কুমাৰ দেৱে ।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীৰ কাৰণে দেশৰ জনতাই ইতিমধ্যে ক’ভিড ভেকছিন লাভ কৰিছে । ১৮ বছৰৰ তলৰ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশকো সামৰি লোৱা হৈছে । কিন্তু, ক’ভিডৰ ভাবুকি বৰ্তমানো আঁতৰি যোৱা নাই । গতিকে সকলো সতৰ্ক হৈ থকা উচিত ।

ত্ৰিপুৰাই ক‘ৰণাক প্ৰায় পৰাজিত কৰাৰ বাবে চিন্তাৰ বিষয় একো নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী দেৱে কয় যে ক'ৰণাক সহজভাৱে লোৱাও উচিত নহয় । চিন্তাৰ কাৰক একো নাই কিয়নো ৰাজ্যখনে ক‘ৰণাক প্ৰায় পৰাজিত কৰিছে । তেওঁ লগতে কয় যে এতিয়া ৰাজ্যখনত ওচৰত পৰ্যাপ্ত মাস্ক, হেণ্ড চেনিটাইজাৰ, আৰু অন্যান্য সুৰক্ষা কিট আছে যাৰ ভিতৰত আছে চিকিৎসাৰ প্ৰয়োজনীয় সামগ্ৰী, চিকিৎসক, ঔষধ, অক্সিজেন বিচনা, আইচিইউ বিচনা যিবোৰ ক‘ভিডৰ প্ৰথম ঢৌৰ সময়ত উপলব্ধ নাছিল ।

লগতে পঢ়ক: GMC Election 2022 : 8,097 গৰাকী ভোটাৰৰ ন’টাত ভোটদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.