ETV Bharat / bharat

জিলা চিকিৎসালয়ত Critical Care Block স্থাপনৰ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 17, 2022, 1:39 PM IST

বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ পৰ্যালোচনা বৈঠক (Union Health Minister review meeting)। বৈঠকত জিলা চিকিৎসালয়ত ক্ৰিটিকেল কেয়াৰ ব্লক স্থাপনৰ বাবে অনুৰোধ জনায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই । ৰাজ্যখনৰ সকলো উপ-স্বাস্থ্য কেন্দ্ৰৰ বাবে পকী ভৱন নিৰ্মাণৰ বাবে আৱণ্টন কৰা পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিবলৈও দাবী জনায় ।

Critical Care Block
জিলা চিকিৎসালয়ত Critical Care Block স্থাপনৰ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

আগৰতলা,১৭ আগষ্ট : ত্ৰিপুৰাৰ বিভিন্ন জিলা চিকিৎসালয়ত ক্ৰিটিকেল কেয়াৰ ব্লক স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ (Tripura CM urges Centre to set up critical care blocks)। বুধবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত বৈঠকত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াক ।

উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই বুধবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় (Union Health Minister review meeting)। সেই বৈঠকত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী লগতে স্বাস্থ্য বিভাগৰো দায়িত্বত থকা ডাঃ মানিক সাহাই ।

ৰাজ্য চৰকাৰৰ এক সূত্ৰই জনোৱা মতে ভাৰ্চুৱেল বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যতঃ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন, পঞ্চদশ বিত্ত আয়োগত অনুদান হিচাপে ৰাজ্যসমূহক আৱণ্টন কৰা পুঁজি, আয়ুষ্মান ভাৰত আঁচনিৰ প্ৰগতিৰ পৰ্যালোচনা কৰে ।

বৈঠকত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীসকলে জনস্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ পদক্ষেপৰ লগতে ক'ভিড টীকাকৰণৰ (Covid vaccination in India) অগ্ৰগতি সম্পৰ্কে বিতংভাৱে আলোচনা কৰে । আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ৰাজ্যখনৰ বিভিন্ন জিলা চিকিৎসালয়ত ক্ৰিটিকেল কেয়াৰ ব্লক স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰে । ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীক ৰাজ্যখনৰ সকলো উপ-স্বাস্থ্য কেন্দ্ৰৰ বাবে পকী ভৱন নিৰ্মাণৰ বাবে আৱণ্টন কৰা পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিবলৈও দাবী জনায় ।

লগতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনস্বাস্থ্যৰ ক্ষেত্ৰত ৰাজ্যখনত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে অৱগত কৰে । বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে ৰাজ্যখনৰ ৯৫ শতাংশ পৰিয়ালক আয়ুষ্মান ভাৰত আঁচনিৰ অধীনলৈ অনা হৈছে । বাকী ৫ শতাংশ অন্ত্যোদয় যোজনাৰ অধীনৰ পৰিয়ালক কেনেকৈ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনলৈ অনা হয় তাক লৈ আলোচনা অব্যাহত আছে ।

লগতে পঢ়ক :কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.