ETV Bharat / bharat

Road construction: নতুন প্ৰযুক্তিৰে ত্ৰিপুৰাত পথ নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Review meeting by CM Manik Saha

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ PWD(Public Works Department) লৈ বিশেষ নিৰ্দেশনা । ন-ন প্ৰযুক্তিৰে পথ নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী মানিক সাহাৰ । পথ নিৰ্মাণত নতুন প্ৰযুক্তি যেনে নেনোটেকন'লজী, পথৰ স্থিৰতা আৰু শক্তি উন্নত কৰাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ ।

tripura cm bats for innovation in construction of road
নতুন প্ৰযুক্তিৰে ত্ৰিপুৰাত পথ নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jul 22, 2022, 1:35 PM IST

আগৰতলা,২২ জুলাই: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ৰাজহুৱা নিৰ্মাণ বিভাগ(Public Works Department)ক পথ নিৰ্মাণত নতুন প্ৰযুক্তি যেনে নেনোটেকন'লজী,পথৰ স্থিৰতা আৰু শক্তি উন্নত কৰাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে । ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুখ্য সচিব জে কে সিনহাৰ লগতে অন্যান্য বিষয়াসকলৰ উপস্থিতিত ৰাজ্যখনত পথ নিৰ্মাণৰ অগ্ৰগতি সম্পৰ্কে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মানিক সাহা এক পৰ্যালোচনা বৈঠকত মিলিত হয়(Review meeting by CM Manik Saha) । এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ প্ৰদান কৰে ।

PWDয়ে ২০২২-২৩ বৰ্ষত ১৬০ কোটি টকা আৱণ্টনৰে ১৪৫০ কিলোমিটাৰ ঘাই পথৰ তত্বাৱধান ৰক্ষণাবেক্ষণৰ কাম হাতত লৈছে ৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে পথ নিৰ্মাণকাৰ্য সময়মতে সম্পূৰ্ণ কৰাৰ লগতে ৰাজ্যখনত পথ ৰক্ষণাবেক্ষণৰ কামৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ বৰ্তমান ২৫৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৯৩৭ কিলোমিটাৰ ৰাজ্যিক ঘাইপথ, জিলা পথ আৰু গাওঁ পথ নিৰ্মাণৰ কাম চলি আছে ।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদনৰ উপৰিও ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৯৩৭ কিলোমিটাৰ পথ আৰু ৩৫ খন দলং উন্নয়নৰ বাবে ৰাইড, বিশেষ কেন্দ্ৰীয় সহায়, স্বৰ্ণ জয়ন্তী ত্ৰিপুৰা নিৰ্মাণ আঁচনি আৰু অন্যান্য ৰাজ্যিক বাজেট উৎসৰ পৰা ৯৪৮ কোটি টকা আৱণ্টন কৰিছে । ৰাজহুৱা নিৰ্মাণ বিভাগে ২০২২-২৩ বৰ্ষত ১৬০ কোটি টকা আৱণ্টনৰ সৈতে ১৪৫০ কিলোমিটাৰ ঘাই পথৰ তত্বাৱধানো হাতত লৈছে ।

মুখ্য সচিব জে.কে. সিনহাই পথ প্ৰকল্পবোৰ সময়মতে সম্পূৰ্ণ কৰা আৰু নিৰ্মাণৰ মানদণ্ড বজাই ৰখাত গুৰুত্ব আৰোপ কৰে । তেওঁ আশ্বাস প্ৰদান কৰে যে ৰাজহুৱা প্ৰয়োজন অনুসৰি ৰাজ্যখনত পথৰ উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজিৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে পিডব্লিউডি অভিযন্তাসকলক প্ৰকল্পস্থলী নিয়মীয়াকৈ পৰিদৰ্শন কৰি, কামৰ মানদণ্ড নিৰীক্ষণ কৰি, সময়মতে বন আৰু অন্যান্য ভূমি ৰক্ষাৰ অনুমতি প্ৰাপ্ত কৰি পথসমূহৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: TMC will not participating in VP poll: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব তৃণমূল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.