ETV Bharat / bharat

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ত্ৰিপুৰাৰ ২৭,২০৫ জন পৰীক্ষাৰ্থী - board exam

ত্ৰিপুৰাত ১৮ মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ২৭,২০৫ গৰাকী পৰীক্ষাৰ্থী । আনহাতে, ১৯ মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বছৰ অৱতীৰ্ণ হ'ব ত্ৰিপুৰাৰ ৪৬,৬১০ গৰাকী পৰীক্ষাৰ্থী । ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদৰ সভাপতি ড৹ ভৱতোষ সাহাই বুধবাৰে এই কথা প্ৰকাশ কৰে ।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ত্ৰিপুৰাৰ ২৭,২০৫ জন পৰীক্ষাৰ্থী

author img

By

Published : Apr 29, 2021, 11:54 AM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: ক'ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ বাবে ১৭ এপ্ৰিলৰ পৰা ত্ৰিপুৰা সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । একে সময়তে ক'ভিড-১৯ প্ৰট'কল মানি চলি ১৮ মে'ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু ১৯ মে'ৰ পৰা মাধ্যমিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদ ।

বুধবাৰে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদৰ সভাপতি ড৹ ভৱতোষ সাহাই জনোৱা মতে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বছৰ ত্ৰিপুৰাৰ ৪৬,৬১০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইফালে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ২৭,২০৫ গৰাকী পৰীক্ষাৰ্থী । তেওঁ লগতে কয় যে, ত্ৰিপুৰাৰ সকলো জিলাতে প্ৰৱেশ পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । পৰৱৰ্তী তিনি দিনৰ ভিতৰত প্ৰৱেশ পত্ৰসমূহ সংশ্লিষ্ট বিদ্যালয়সমূহে লাভ কৰিব ।

ইয়াৰ পিছত পৰীক্ষাৰ্থীসকলৰ মাজত প্ৰৱেশ পত্ৰ বিতৰণ কৰা হ'ব । মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো সাৱধনতা অৱলম্বন কৰা হৈছে বুলি জানিবলৈ দিয়ে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদৰ সভাপতি গৰাকীয়ে । মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি চৰকাৰে দিয়া সকলো নিৰ্দেশ কঠোৰভাৱে পালন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিছে ।

মাধ্যমিক পৰীক্ষাৰ বাবে ৭৮ টা কেন্দ্ৰৰ অধীনত ১৬২ টা স্থান আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে ৬২ টা পৰীক্ষা কেন্দ্ৰৰ অধীনত ৯০ টা স্থান বাছনি কৰা হৈছে । সকলো স্থানতে মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় সকলো সাৱধনতা অৱলম্বন কৰা হ'ব বুলি মন্তব্য কৰে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদৰ সভাপতি ড৹ ভৱতোষ সাহাই ।

লগতে পঢ়ক: পশ্চিমবংগৰ নিৰ্বাচন: বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.