ETV Bharat / bharat

Tripura BJP : মন্ত্ৰীপুত্ৰ ধৰ্ষণত জড়িতৰ অভিযোগ নাকচ ত্ৰিপুৰা বিজেপিৰ

author img

By

Published : Oct 27, 2022, 1:10 PM IST

চিপিআইএম (CPIM) আৰু কংগ্ৰেছে (Congress) কেৱল মনোযোগ আকৰ্ষণ কৰিবলৈয়ে উক্ত ধৰ্ষণৰ গোচৰত মন্ত্ৰী ভগৱান দাসৰ পুত্ৰক জড়িত কৰি এটা বিদ্বেষপূৰ্ণ প্ৰচাৰ আৰম্ভ কৰিছে (Tripura minister son alleged rap case) ।

Tripura
Tripura

আগৰতলা, ২৭ অক্টোবৰ : ত্ৰিপুৰাত শাসনাধিষ্ঠিত বিজেপিয়ে বুধবাৰে মন্ত্ৰী ভগৱান দাসৰ পুত্ৰৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি মনে সজা বিবৃতি দিয়াৰ বাবে ৰাজ্যখনৰ বিৰোধী ৰাজনৈতিক দলসমূহক সমালোচনা কৰে (Tripura BJP slammed opposition political parties) । বিজেপিৰ ৰাজ্যিক দলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে ১৯ অক্টোবৰত কুমাৰঘাটত এটা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল, যিটো এক অনাকাংক্ষিত ঘটনা ।

কিন্তু চিপিআইএম (CPIM) আৰু কংগ্ৰেছে (Congress) কেৱল মনোযোগ আকৰ্ষণ কৰিবলৈয়ে উক্ত ধৰ্ষণৰ গোচৰত মন্ত্ৰী ভগৱান দাসৰ পুত্ৰক জড়িত কৰি এটা বিদ্বেষপূৰ্ণ প্ৰচাৰ আৰম্ভ কৰিছে (Tripura minister son alleged rap case) ।

"আমি বিৰোধী ৰাজনৈতিক দলবোৰে কি কৈ আছে সেয়া লক্ষ্য কৰি আছোঁ আৰু আৰক্ষীৰ পদক্ষেপৰ বাবে অপেক্ষা কৰি আছোঁ । উক্ত ধৰ্ষণৰ ঘটনাটোত ত্ৰিপুৰা আৰক্ষীয়ে ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে । কিন্তু আৰক্ষীয়ে মন্ত্ৰী ভগৱান দাসৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা নাই, কাৰণ তেওঁ ঘটনাটোত জড়িত নাছিল । এইটো চিপিআইএম আৰু কংগ্ৰেছৰ দৰে বিৰোধী দলৰ দ্বাৰা দিয়া এক মনে সজা বিবৃতি । ইয়াৰ দ্বাৰা মন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়াল আৰু আমাৰ দলৰ নাম কলুষিত কৰিবলৈ এক বিদ্বেষপূৰ্ণ প্ৰচাৰ চলাইছে । আমি বিৰোধী দলসমূহৰ এনে জঘন্য পদক্ষেপক তীব্ৰ গৰিহণা দিছোঁ (Tripura BJP condemned opposition parties) ।" তেওঁ কয় ।

আনহাতে, বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এজাহাৰখনত মন্ত্ৰীজনৰ কোনো নাম নাই, ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালেও মন্ত্ৰীজনৰ পুত্ৰৰ নাম উল্লেখ কৰা নাই ।

"মন্ত্ৰীজনৰ পুত্ৰ ১০ অক্টোবৰৰ পৰাই বাহিৰত আছিল । তেওঁ ৰাজ্যৰ বাহিৰত আছিল । যিসকলে মানুহৰ ওচৰলৈ কেনেকৈ যাব লাগে নাজানে তেওঁলোকে এনে ধৰণৰ কাৰ্যকলাপ কৰি আছে । তেওঁলোকে এই সকলোবোৰ কেৱল মন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ কৰিছে । আৰক্ষীয়ে স্পষ্টকৈ কৈছে যে মন্ত্ৰীজনৰ পুত্ৰৰ জড়িত থকাৰ কোনো তথ্য নাই ।" তেওঁ লগতে কয় । তেওঁ এইটোও কয় যে অনাগত দিনত মানুহে চিপিআইএম আৰু কংগ্ৰেছৰ দৰে ৰাজনৈতিক দলসমূহক প্ৰত্যাখ্যান কৰিব ।

লগতে পঢ়ক :Nipon Goswami : সোঁৱৰসোঁ ণীৰ পৃষ্ঠা পৃ ত অসমীয়া ছবিজগতৰ মহীৰূহ নিপন গোস্বাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.