ETV Bharat / bharat

Kejriwal Vishwaguru definition : 'কেৱল ভাষণেৰে ভাৰত বিশ্বগুৰু হ'ব নোৱাৰে, বিভিন্ন ক্ষেত্ৰত উন্নয়ন লাগিব'-কেজৰিৱাল - Kejriwal on Vishwaguru

বিশ্বগুৰু হ'বলৈ ভাৰতত লোকৰ মাজত সম্প্ৰীতি, ভাল শিক্ষা, উন্নত স্বাস্থ্য সেৱা আৰু ২৪ ঘণ্টাই বিদ্যুতৰ যোগান থাকিব লাগিব । স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ । বিজেপিকো সমালোচনা কেজৰিৱালৰ ।

Kejriwal Vishwaguru definition
কেৱল ভাষণেৰে ভাৰত বিশ্বগুৰু হ'ব নোৱাৰে
author img

By

Published : Aug 15, 2023, 3:09 PM IST

নেশ্যনেল ডেস্ক,১৫ আগষ্ট : ভাৰত 'বিশ্বগুৰু' হ'বলৈ হ'লে ইয়াৰ জনসাধাৰণ সম্প্ৰীতিৰে জীয়াই থাকিব লাগিব । লগতে ইয়াৰ নাগৰিকে ভাল শিক্ষা, স্বাস্থ্য সুবিধা আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ সুবিধা পাব লাগিব । উত্তৰ দিল্লীৰ ছত্ৰচল ষ্টেডিয়ামত দিল্লী চৰকাৰে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এই মন্তব্য কৰে । ইয়াৰ উপৰিও দিল্লী আৰু দেশৰ জনসাধাৰণক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু স্বাধীনতা সংগ্ৰামী, সৈনিক আৰু বিভিন্ন ক্ষেত্ৰত সফল ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

দিল্লীত শেহতীয়াকৈ হোৱা বানপানীৰ কথা উল্লেখ কৰি তেওঁ কয় যে স্থানীয় প্ৰশাসনৰ সৈতে একেলগে ৰাইজে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিল । আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে ভাষণ প্ৰসংগত মণিপুৰত সংঘটিত ঘটনাবোৰক লৈও উদ্বেগ প্ৰকাশ কৰে ।

কেজৰিৱালে কয় যে তেওঁ আজি কিছু দুখী । মণিপুৰ জ্বলি আছে এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ লোকক হত্যা কৰিছে । হাৰিয়ানাতো এটা সম্প্ৰদায়ৰ লোকসকলে আন এটাৰ সৈতে কাজিয়াত লিপ্ত হৈছে । তেওঁ প্ৰশ্ন কৰে যদি আমি নিজৰ মাজতে যুঁজ কৰি থাকো তেন্তে আমি কেনেকৈ "বিশ্বগুৰু" হ'ম ? যদি আমি 'বিশ্বগুৰু' হ'ব লাগে আৰু এক নম্বৰ দেশ হ'ব লাগে তেন্তে আমি এটা পৰিয়ালৰ দৰে জীয়াই থাকিব লাগিব বুলি তেওঁ উল্লেখ কৰে ।

দেশৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ কৰ্তনৰ কথা উল্লেখ কৰি তেওঁ কয় যে যদি ইমান দীঘলীয়াকৈ কৰ্তন কৰা হয় তেন্তে ভাৰত 'বিশ্বগুৰু' হ'ব নোৱাৰে । তেওঁ দাবী কৰা মতে দেশৰ হাতত ৪.২৫ লাখ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে পৰ্যাপ্ত শক্তি প্ৰকল্প আছে, দেশৰ সৰ্বাধিক চাহিদা হৈছে ২ লাখ মেগাৱাট, তথাপিও বিদ্যুৎ কৰ্তন হৈছে । বিদ্যুৎ কৰ্তন পৰিচালনাৰ গাফিলতি আৰু অদূৰদৰ্শী হোৱাৰ বাবে হয় বুলি তেওঁ অভিযোগ কৰে । কেজৰিৱালৰ মতে দিল্লীত কোনো বিদ্যুৎ কৰ্তন নহয় আৰু ইয়াত ২৪ ঘণ্টাই বিদ্যুৎ যোগান থাকে । দুৰ্নীতি আৰু পৰিচালনাৰ গাফিলতা সমাপ্ত হ'লে ৩ৰ পৰা ৪ বছৰৰ ভিতৰত দেশত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিব পৰা যাব বুলি তেওঁ আশা ব্যক্ত কৰে ।

দেশৰ চৰকাৰী বিদ্যালয়সমূহৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুখ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰতিটো শিশুৱে ভাল শিক্ষা লাভ নকৰিলে দেশখন 'বিশ্বগুৰু' হ'ব নোৱাৰে । তেওঁ গণনা কৰি দেখিছে যে দেশৰ ১০ লাখ চৰকাৰী বিদ্যালয়ক উন্নত কৰিবলৈ ৬ লাখ কোটি টকাৰ প্ৰয়োজন হ'ব । প্ৰতি বছৰে ১.২৫ লাখ টকা ব্যয় ভাৰতৰ দৰে দেশৰ বাবে একোৱে নহয় বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে প্ৰতিগৰাকী দৰিদ্ৰ লোকে তেওঁলোকৰ সন্তানক শিক্ষিত কৰি স্বাৱলম্বী হ'ব পাৰে । নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কেজৰিৱালে কয় যে ভাৰতে কেৱল ভাষণৰ জৰিয়তে 'বিশ্বগুৰু' হ'ব নোৱাৰে । দিল্লীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণ সম্পৰ্কীয় শেহতীয়া আইনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দিল্লীৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে ।

কেজৰিৱালে দাবী কৰা মতে দিল্লীবাসীৰ গণতান্ত্ৰিক অধিকাৰ ঘূৰাই অনা হ'ব । আম আদমি পাৰ্টীয়ে উচ্চতম ন্যায়ালয়ত ইয়াক লৈ যুঁজি আছে । তেওঁ কয় যে হিংসাপীড়িত মণিপুৰৰ ১৫০ গৰাকী শিক্ষাৰ্থীক দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব । সমন্বয়ৰে জীয়াই থকাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি তেওঁ কয় যে যদি আমি নিজৰ মাজত যুঁজ দিও তেন্তে ভাৰতৰ উন্নয়ন নহয় । যদি আমি একেলগে কাম কৰো তেন্তে কোনো শক্তিয়ে ভাৰতক বিশ্বৰ এক নম্বৰ দেশ হোৱাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে বুলিও কেজৰিৱালে দাবী কৰে ।

লগতে পঢ়ক :Modi's guarantee: অহা ৫ বছৰত ভাৰত হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.