নেচনেল ডেস্ক,২৪ জুলাই : শ্ৰীলংকাত অৰ্থনৈতিক সংকট অব্য়াহত আছে (Crisis in Sri Lanka) । দেশখনৰ জনতাই অৰ্থনৈতিক সংকট সন্মুখীন হোৱাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে । ৰাষ্ট্ৰখনে এগৰাকী নতুন ৰাষ্ট্ৰপতি লাভ কৰিছে যদিও জনতাৰ মাজত ক্ষোভৰ দাবানল এতিয়াও জ্বলি আছে । সেই বাবে সকলোৰে পৰা বিচাৰিছে সহযোগতা ।
চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতে বিগত সময়ত শ্ৰীলংকালৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে (Tamil Nadu government helps Sri Lanka)। তামিলনাডু চৰকাৰেও এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে । ইয়াৰে অংশ ৰূপে তামিলনাডু চৰকাৰে শনিবাৰে অৰ্থনৈতিক সংকটগ্ৰস্ত শ্ৰীলংকালৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰে ।ডিএমকেৰ সাংসদ কানিমোঝিয়ে ৰাজ্যিক মন্ত্ৰীসকলৰ উপস্থিতিত ইয়াত থকা ভিঅ'চি বন্দৰৰ পৰা সামগ্ৰী প্ৰেৰণৰ ফ্লেগ অফ কৰে (DMK MP Kanimozhi flagging off )।
এই অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত চাউল আৰু ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে । তামিলনাডু চৰকাৰে প্ৰায় 74 কোটি টকাৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰা বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে ।
এক টুইটত ডিএমকেৰ স্থানীয় সাংসদ কানিমোঝিয়ে কয় যে, তেওঁ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰেৰণ কৰা সাহায্য সামগ্ৰীৰ ফ্লেগ অফ কৰে (Chief Minister M K Stalin)। তেওঁ পুনৰ উল্লেখ কৰে যে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণৰ উদ্দেশ্য হৈছে শ্ৰীলংকাৰ লোকসকলক সহায় কৰা যিসকলে জীয়াই থাকিবলৈ যুঁজি আছে । সাহায্য সামগ্ৰীৰ ফ্লেগ অফ অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী অনিতা আৰ ৰাধাকৃষ্ণণ, গিঞ্জি কে এছ মাস্থান আৰু পি গীতা জীৱন আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে ।
উল্লেখ্য় যে, মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ইয়াৰ পূৰ্বে শ্ৰীলংকালৈ 123 কোটি টকাৰ মানৱীয় সাহায্য ঘোষণা কৰিছিল । তামিলনাডু চৰকাৰে আগতে এনে অত্যাৱশ্যকীয় সামগ্ৰী দুবাৰ প্ৰেৰণ কৰিছিল । বিশেষকৈ লোকসকলক সহায়ৰ বাবে চাউল আৰু ঔষধ প্ৰেৰণ কৰিছিল ।
লগতে পঢ়ক:forthcoming Independence Day: ৰাজধানী চহৰত কটকটীয়া সুৰক্ষা ব্যৱস্থা