চেন্নাই, 25 এপ্ৰিল : সোমবাৰে তামিলনাডু বিধানসভাই ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি প্ৰদানৰ বাবে এখনি বিধেয়ক গ্ৰহণ কৰে ৷ উচ্চ শিক্ষামন্ত্ৰী কে পনমুডিয়ে ৰাজ্য চৰকাৰক বিশ্ববিদ্যালয়সমূহত উপাচাৰ্যক নিযুক্তি প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰিবলৈ তামিলনাডু বিশ্ববিদ্যালয়ে আইন প্ৰণয়নৰ বাবে এই বিধেয়কখন গ্ৰহণ কৰে (TN Assembly adopts bill facilitating State)৷
উল্লেখ্য যে, প্ৰাৰম্ভিক পৰ্যায়ত উক্ত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছিল বিজেপি চৰকাৰে ৷ আনহাতে, বিৰোধী দল এআইএডিএমকেয়ে কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে চেলভাপেৰুন্থাগাইয়ে (Congress Legislature Party leader K Selvaperunthagai) প্ৰয়াত মুখ্যমন্ত্ৰী জে.জয়াললিতাৰ (Late Chief Minister J Jayalalithaa) বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ পিছতে বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে তেওঁলোকে সদন ত্যাগ কৰিছিল ৷
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী এম কে ষ্টালিনে সদস্যসকলক চৰকাৰৰ এই পদক্ষেপক সমৰ্থন কৰিবলৈ আহ্বান জনাই কয় যে, কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটততেই নহয় ৰাজ্যপাল, উপাচাৰ্যসকলক নিযুক্তি দিয়া হৈছে । তেলেংগানা আৰু কৰ্ণাটককে ধৰি আন ৰাজ্যসমূহৰ ক্ষেত্ৰতো একেই ঘটনা সংঘটিত হৈছিল । য'ত বিৰোধী পিএমকেয়ে বিধেয়কখনক পূৰ্ণ সমৰ্থন জনায় ।
লগতে পঢ়ক : ক'ভিডৰ নতুন ঢৌৰ সতৰ্কবাণী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ