ETV Bharat / bharat

Covid 19 increases in India : 8-16 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়

author img

By

Published : Jan 4, 2022, 1:41 PM IST

বিগত দুটাকৈ বৰ্ষৰ কৰ’ণা বিভীষিকাৰ পিছত পুনৰ চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড 19 ৰ সংক্ৰমণ (Covid 19 increases in India) ৷ কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সেই অনুসৰি, 8-16 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয় (Schools closed in Telangana) ৷

telangana-schools-to-remain-closed
8-16 জানুৱাৰীলৈ বন্ধ থাকিব তেলেংগানাৰ সকলো বিদ্যালয়

নেশ্যনেল ডেস্ক, 4 জানুৱাৰী : দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা (Covid 19 increases in India) ৷ আক্ৰান্তসকলৰ অধিকাংশ কৰ’ণাৰ নতুন প্ৰবাহ অ’মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ বৰ্তমানলৈকে ৰাজ্য চৰকাৰে লক ডাউন ঘোষণা কৰাৰ কথা চিন্তা কৰা নাই ৷ কিন্তু বিদ্যালয়সমূহ বন্ধ দিয়াৰ চিন্তা-চৰ্চা কৰা দেখা গৈছে ৷

সেই অনুসৰি ৰাজ্যৰ সকলো শিক্ষা বিষয়াৰে পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ৷ এই বৈঠকৰ সিদ্ধান্তমৰ্মে 8 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈ বন্ধ ৰখা হ’ব ৰাজ্যৰ সকলো বিদ্যালয় ৷

ইতিমধ্যে কৰ’ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ, মুম্বাই, পশ্চিমবংগ, গোৱা আৰু নতুন দিল্লীৰ সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ সোমবাৰে ভাৰতত 33,750 গৰাকী নতুন ক’ভিড-19 ত আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ৷ দেশৰ প্ৰায় 23 খন ৰাজ্যত পোৱা গৈছে অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ৷ সম্প্ৰতি দেশৰ ভিতৰতে সৰ্বাধিক মহাৰাষ্ট্ৰ 510 গৰাকী, তাৰপিছতে ৰাজধানী দিল্লীত 351 গৰাকী অ’মিক্ৰণত আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে ৷

ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্যৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ পিছে এই ঘটনা অসমৰ নহয় ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৰাজ্যখনত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি (Telangana schools to remain shut from Jan 8 to 16) পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ ৰাজ্যখনত সোমবাৰে সৰ্বাধিক 482 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি ৰাজ্যখনত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছে 84 গৰাকী ৷

লগতে পঢ়ক : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিজেপি নেতা মনোজ তিৱাৰী কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.