নেশ্যনেল ডেস্ক, ১৯ মে': দেশৰ সংকটৰ সময়ত মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতা তেজস্বী যাদৱে । দেশত ক্ৰমাৎ বৃদ্ধি হোৱা ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ চৰকাৰী বাসভৱনতো ক'ভিড কেয়াৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে ।
নেতাগৰাকীয়ে তেওঁৰ ব্যক্তিগত পুঁজিৰ পৰা পাটনাৰ ১ নং প'ল ৰোডত ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপন কৰে । এই কেন্দ্ৰটোত সকলো প্ৰয়োজনীয় চিকিৎসা সা-সঁজুলি, বিচনা, অক্সিজেন আৰু বিনামূলীয়া খাদ্যৰো ব্যৱস্থা আছে বুলি জনায় নেতাগৰাকীয়ে ।
সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ সকলো নেতাকে তেওঁলোকৰ চৰকাৰী বাসভৱন ক'ভিড কেয়াৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায় । কিয়নো দেশত যি মহামাৰী ক'ভিডৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে তাৰফলত বহু লোকে চৰকাৰী চিকিৎসালয়ত বিচনা, অক্সিজেন আৰু অন্যান্য চিকিৎসাৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
নিয়ম অনুসৰি,তেজস্বী যাদৱৰ ক'ভিড কেয়াৰ কেন্দ্ৰটো ৰাজ্য চৰকাৰক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই সন্দৰ্ভত যাদৱে চৰকাৰলৈ এক পত্ৰ লিখি ক'ভিড কেয়াৰ কেন্দ্ৰটো গ্ৰহণ কৰিবলৈ কৈছে ।
ইয়াৰোপৰি, তেওঁ কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰলৈ এক পত্ৰ লিখিছে যদিও এই পৰ্যন্তলৈ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কোনো উত্তৰ লাভ কৰা নাই । দেশবাসীৰ জ়িল পৰিস্থিতিত তেওঁ পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াব বুলি কয় ।
ইফালে, বিহাৰত যোৱা ২৪ ঘন্টাত ৬,২৮৬ জন লোক নতুনকৈ মহমাৰীৰ কবলত পৰাৰ লগতে ১১১ জন লোকে মহমাৰীৰে যুঁজি প্ৰাণ হেৰুৱায় ।
লগতে পঢ়ক: ঘূৰ্ণী বতাহ টাউতে বিধ্বস্ত কৰা গুজৰাটলৈ ৰাওনা মোডী