নেশ্যনেল ডেস্ক, 12 জুলাই : পুনৰবাৰ ৰাজনীতিলৈ ওভতাৰ ইংগিত দিছে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে (Rajnikanth) ৷ স্বাস্থ্যজনিত কাৰণত ৰাজনৈতিক ক্ষেত্ৰখনত পদাৰ্পণৰ সিদ্ধান্ত স্থগিত ৰাখিছিল ৰজনীকান্তে ৷ ভৱিষ্যতে ৰাজনীতিত খোজ পোলোৱাৰ সিদ্ধান্ত সন্দৰ্ভত ৰজনীকান্তে ফেন ক্লাব কাৰ্যালয়ৰ বিষয়-ববীয়াৰ সৈতে আলোচনা কৰিব বুলিও কয় ৷
সাংবাদিকৰে হোৱা মত বিনিময়ত অভিনেতাগৰাকীয়ে কয়, নিজৰ ফেন ক্লাবৰ কৰ্মকৰ্তাসকলৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু এই সন্দৰ্ভত বহু উত্তৰবিহীন প্ৰশ্ন উত্থাপন হৈছে ৷ ইয়াৰ ভিতৰত ৰজনী মক্কল মণ্ডৰাম (Rajini Makkal Mandram) আৰু মক্কল মণ্ডৰামৰ (Makkal Mandram) ভৱিষ্যতক লৈ উত্থাপিত হোৱা প্ৰশ্নৰ উত্তৰ দিয়াতো জৰুৰী ৷
ক’ভিড সংক্ৰান্তীয় পৰিস্থিতি আৰু নিৰ্বাচনৰ বাবে এই বিষয়ে কোনো আলোচনা কৰা হোৱা নাছিল বুলিও কয় অভিনেতা ৰজনীকান্তে (Rajnikanth) ৷ তেওঁ আৰু কয় যে, ‘মই অন্নাথেৰ (Annaatthe) শ্বুটিঙৰ বাবে ব্যস্ত আছিলো ৷ ইয়াৰ উপৰিও মই মোৰ চিকিৎসাৰ বাবে আমেৰিকাত আছিলো ৷
যিহেতু এতিয়া মই উভতি আহিছো গতিকে এতিয়া মই তেওঁলোকক সাক্ষাৎ কৰিম’ ৷ চলিত বৰ্ষৰে 17 জানুৱাৰীত মাদুৰাইত ৰজনীকান্তে নিজৰ দলটো আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে সকলো সলনি হৈ পৰে যেতিয়া ৰজনীকান্তে ৰাজনীতিক বিদায় জনায় ৷