নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ : গেৰুৱা বসন পৰিধান কৰিলে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰা সুভেন্দু অধিকাৰীয়ে । পশ্চিম মিডনাপুৰৰ কলেজ খেলপথাৰত অনুষ্ঠিত এখন সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত সুভেন্দু অধিকাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন প্ৰভাৱশালী নেতাগৰাকীয়ে শনিবাৰে পশ্চিমবংগৰ মিডনাপুৰত বিজেপিৰ ৰেলীতো অংশগ্ৰহণ কৰে ।
পশ্চিম মিডনাপুৰৰ কলেজ খেলপথাৰত অনুষ্ঠিত এখন সভাত তেওঁক অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী দেৱশ্ৰী চৌধুৰীয়ে । আনহাতে, বিজেপি নেতা মুকুল ৰয়ে কয় যে, 'মই সুভেন্দু অধিকাৰীক বিজেপিলৈ স্বাগতম জনাইছো । তেওঁৰ সৈতে দীৰ্ঘ দিন ধৰি মই দলৰ কাম কৰিছো । পশ্চিমবংগৰ জনতাই এতিয়া তেওঁক বিজেপি দলৰ হৈ কাম কৰাতো বিচাৰিছে ' ।
লগতে পঢ়ক: সুশান্ত সিং ৰাজপুতৰ মৃত্যু : কৰণ জোহৰ আৰু ছলমান খানলৈ আদালতৰ নিৰ্দেশ