নেশ্যনেল ডেস্ক,৪ মাৰ্চ: শেহতীয়াকৈ ভাৰতত মহামাৰীত আক্ৰান্তৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে । এতিয়ালৈকে মুঠ ১,১১,৫৬,৯২৩ জন লোক COVID-১৯ত আক্ৰান্ত হৈছে । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১৭,৪০৭ জন লোক নতুনকৈ কৰ'ণা মহামাৰীৰ কবলত পৰিছে । নতুনকৈ মৃত্যু হোৱা ৮৯ জন লোকসহ এতিয়ালৈকে দেশত ১,৫৭,৪৩৫ জন লোকে প্ৰাণ হেৰুৱাইছে ।
বৰ্তমানলৈকে দেশত ১,০৮,২৬,০৭৫ গৰাকী লোক আৰোগ্য হৈ উঠিছে । যোৱা ২৯ জানুৱাৰীত ২৪ ঘণ্টাত ১৮,৮৫৫ জন লোক নতুনকৈ COVID-১৯ত আক্ৰান্ত হৈছিল । এতিয়া দেশত পুনৰ সক্ৰিয় আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে । বৰ্তমান দেশত ১,৭৩,৪১৩টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে আৰু এয়া মুঠ আক্ৰান্তৰ ১.৫৫ শতাংশ । আনহাতে, দেশত আৰোগ্য হাৰ হৈছেগৈ ৯৭.০৩ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪১ শতাংশ ।
উল্লেখ্য যে, বিগত বৰ্ষৰ ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে । ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ৩ মাৰ্চলৈকে ২১,৯১,৭৮,৯০৮টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।
বুধবাৰে ৭,৭৫,৬৩১ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় । নতুনকৈ মৃত্যু হোৱা মুঠ ৮৯ জন লোকৰ ভিতৰত ৪২ জন মহাৰাষ্ট্ৰৰ, ১৫ জন কেৰালাৰ, ১২ জন পশ্চিমবংগৰ । দেশত মৃত্যু হোৱা মুঠ ১,৫৭,৪৩৫ জন লোকৰ ভিতৰত ৫২,২৮০ জনৰ মহাৰাষ্ট্ৰত, ১২,৫০৪ জনৰ তামিলনাডুত, ১২,৩৪৬ জনৰ কৰ্ণাটকত, ১০,৯১৪ জনৰ দিল্লীত, ১০,২৭২ জনৰ পশ্চিমবংগত, ৮,৭২৮ জনৰ উত্তৰ প্ৰদেশ আৰু ৭,১৭০ জনৰ অন্ধ্ৰ প্ৰদেশত মৃত্যু হৈছে ।
লগতে পঢ়ক: মাজুলীৰ বনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড