ETV Bharat / bharat

Andhra suicide case: পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতেই অন্ধ্ৰপ্ৰদেশত ৯ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা

author img

By

Published : Apr 28, 2023, 4:35 PM IST

অন্ধ্ৰপ্ৰদেশত শোকাৱহ ঘটনা । মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পাচতে আত্মহত্যা ৯ গৰাকী শিক্ষাৰ্থীৰ (9 Students suicide in Andhra Pradesh)। আন কেইবাগৰাকীও শিক্ষাৰ্থীয়ে আত্মহত্যাৰ চেষ্টা কৰি বিফলত হয় ।

9 Students suicide
অন্ধ্ৰপ্ৰদেশত ৯ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : অন্ধ্ৰপ্ৰদেশত চাঞ্চল্যকৰ ঘটনা । মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে লগতে কম নম্বৰ পোৱাৰ বাবেই ৯ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি ল'লে (9 Students suicide in Andhra Pradesh)। দুগৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ চেষ্টা কৰা বুলিও জানিব পৰা গৈছে ।

চিত্তুৰ জিলাৰ পুংগানুৰ মণ্ডলৰ ইটাভাকিলিৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ পাচতে বৃহস্পতিবাৰে পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে (Student suicide after failed in exam)। ছাত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে কৰ্ণাটকৰ আইতাকৰ ঘৰলৈ গৈছিল । বুধবাৰে ছাত্ৰীগৰাকীৰ মাতৃয়ে ফোন কৰি তেওঁক কৈছিল যে, তেওঁ পৰীক্ষাত অনুতীৰ্ণ হৈছে ।

ছাত্ৰীগৰাকীয়ে মাকক কৈছিল যে তেওঁ দুদিনৰ ভিতৰতে ঘৰলৈ আহিব আৰু পৰীক্ষাৰ মাচুল পৰিশোধ কৰিব ৷ এইবাৰ উত্তীৰ্ণ হ'ব বুলি প্ৰতিশ্ৰুতিও দিছিল । কিন্তু তাৰ পাচতে ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয় । ইফালে কন্যাৰ মৃত্যুৰ খবৰ পোৱাৰ পাচতে শোকত ভাগি পৰিছে পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকল ।

চিত্তুৰ জিলাৰে বৈৰেড্ডিপালত আন এক আত্মহত্যাৰ ঘটনা সংঘটিত হয় । এমপিচি দ্বিতীয় বৰ্ষৰ পৰীক্ষাত গণিত বিষয়ত অনুতীৰ্ণ হোৱাৰ বাবে এগৰাকী ছাত্ৰই আত্মহত্যা কৰে । ছাত্ৰগৰাকীয়ে বুধবাৰে নিশা কীটনাশক দ্ৰব্য সেৱন কৰে । অনকাপল্লীৰ আপ্পালাৰামানাৰো এজন ছাত্ৰই পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে আত্মহত্যা কৰে । চেণ্টাবোমমালি মণ্ডলৰ দণ্ডুগোপালপুৰম গাঁৱৰো এজন ছাত্ৰই কম নম্বৰ পোৱাৰ বাবে আত্মহত্যা কৰে । দুয়োগৰাকী ছাত্ৰৰ পিতৃ প্ৰব্ৰজনকাৰী শ্ৰমিক আছিল ।

বিশাখাপট্টনমৰ এগৰাকী ছাত্ৰীয়েও বৃহস্পতিবাৰে পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ বাবে আত্মহত্যা কৰে । ছাত্ৰীগৰাকীৰ মাতৃয়ে দিন হাজিৰা কৰে । পৰিয়ালটোৱে ছাত্ৰীগৰাকীৰ মৃতদেহটো গোপনে শ্মশানলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল কিন্তু আৰক্ষীয়ে বাধা দিয়ে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কেজিএইচলৈ প্ৰেৰণ কৰে ।

অনন্তপুৰ জিলাৰ কানেকাল্লু মণ্ডলৰ হানাকানাহাল গাঁৱৰ পৰাও অনুৰূপ খবৰ আহিছে । গাঁওখনৰ এগৰাকী ছাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল । বুধবাৰে ফলাফল প্ৰকাশ হোৱাৰ লগে লগে অভিভাৱকে তেওঁক প্ৰশ্ন কৰে । কিন্তু হতাশ হৈ তেওঁ আত্মহত্যা কৰে । এনটিআৰ জিলাৰ নন্দীগামাৰো এজন ছাত্ৰই কম নম্বৰ পোৱাৰ বাবে আত্মহত্যা কৰে । ছাত্ৰজনৰ অভিভাৱকে কৰ্তৃপক্ষক তেওঁলোকৰ পুত্ৰৰ পৰীক্ষাৰ উত্তৰ বহীত কম মূল্যাংকনৰ বাবে দায়ী কৰিছে আৰু তেওঁৰ মৃত্যুৰ বাবে তেওঁলোকক দায়ী কৰিছে ।

বিসখাৰ পালনাটি কলনিৰ শ্ৰীনিবাসনগৰৰ এজন ছাত্ৰইও এটা বিষয়ত অনুতীৰ্ণ হোৱাৰ বাবে চিপ লৈ আত্মহত্যা কৰে । চিল্লাকল্লুৰ এগৰাকী ছাত্ৰীয়েও এটা বিষয়ত অনুতীৰ্ণ হোৱাৰ বাবে আত্মহত্যা কৰে ।

ইফালে বিজয়নগৰম জিলাৰ গৰিভিদি মণ্ডলৰ এখন গাঁৱৰ এজন শিক্ষাৰ্থীয়ে প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ তিনিটা বিষয়ত অনুতীৰ্ণ হয় । ফলাফল ঘোষণাৰ পাছতে তেওঁ বিচলিত হৈ কীটনাশক দ্ৰব্য সেৱন কৰে । ছাত্ৰজনক পাছত এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় । একেখন জিলাৰে ৰাজম মণ্ডলৰ এখন গাঁৱৰ প্ৰথম বৰ্ষৰ ছাত্ৰই পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে ৰাসায়নিক দ্ৰব্য সেৱন কৰে আৰু তেওঁক পাচত পৰিয়ালৰ লোকে ৰাজম সামাজিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক :Acid attack in UP: প্ৰেমজনিত কাৰণ; কন্যাক এচিডেৰে আক্ৰমণ পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.