ETV Bharat / bharat

Stepmom Kills Child : সতীনিৰ তিনিবছৰীয়া সন্তানক বিহ খুৱাই হত্যা, মৃত্যুৰে যুঁজিছে আন এক সন্তানে

author img

By

Published : Nov 25, 2022, 1:29 PM IST

তিনিটাকৈ সন্তানক বিহ খুৱাই হত্যাৰ চেষ্টা এগৰাকী মাহীমাকৰ ৷ বিহমিশ্ৰিত খাদ্য খাই থিতাতে মৃত্যুক আকোঁৱালিলে এটা তিনি বছৰীয়া শিশুৱে ৷ লগতে সংকটজনক অৱস্থাত আছে সতীনিৰ 8 বছৰীয়া সন্তান (Stepmother fed poison mixed food)৷

Stepmom Kills Child
সতীনিৰ তিনিবছৰীয়া সন্তানক বিহ খুৱাই হত্যা, মৃত্যুৰে যুঁজিছে আন এক সন্তানে

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সতিনীৰ সন্তানক বিহ খুৱাই হত্যাৰ চেষ্টা মাহীমাকৰ ৷ মাহীমাকে খাদ্যত মিহলি কৰি দিয়া বিহ খাই এটি সন্তানৰ মৃত্যু হোৱাৰ লগতে আন এটি সন্তানক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Stepmother feeds poison mixed food)৷

ইয়াৰোপৰি সতীনিৰ আন এটি সন্তানে সেই খাদ্য খাবলৈ অস্বীকাৰ কৰি পলায়ন কৰাত নিশ্চিত মৃত্যুৰ পৰা হাত সাৰে ৷ চাঞ্চল্যকৰ ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হয় ঝাৰখণ্ডৰ তিশ্ৰী থানাৰ অন্তৰ্গত ৰোহন্তত ৷

আৰক্ষীৰ সূত্ৰে জানিবপৰা মতে, ৰোহন্তৰ সুনীল ছোৰেন নামৰ লোকজনৰ দ্বিতীয় পত্নী সুনীতা হাঞ্চদাই সতিনীৰ তিনি সন্তানক কুকুৰাৰ মাংস আৰু ভাতৰ সৈতে বিহ মিলাই খাবলৈ দিয়ে ৷ এই খাদ্য খোৱাৰ ফলত তিনিবছৰীয়া সন্তান অনিলৰ ঘটনাস্থলীতে মৃত্যু হয় ৷

ইফালে বিহমিশ্ৰিত ভাত আৰু মাংস খোৱাৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ সংকটজনক হৈ পৰে 8 বছৰীয়া সন্তান শংকৰ ৷ চকুৰ সন্মুখতে দুই ভাতৃৰ এই অৱস্থা দেখি 12 বছৰীয়া সন্তান বিজয়ে সেই খাদ্য গ্ৰহণ নকৰাৰ ফলত নিশ্চিত বিপদৰ পৰা হাত সাৰে (Stepson killed in Jharkhand)।

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া অনুসৰি দুবছৰ পূৰ্বে সুনীল ছোৰেনৰ প্ৰথম পত্নী শ্বৈলিন মাৰাণ্ডীৰ সৰ্প দংশনত মৃত্যু হৈছিল । সুনীল ছোৰেনৰ প্ৰথমা পত্নীৰ আছিল এগৰাকী কন্যা সন্তানৰ লগতে আৰু চাৰিটা পুত্ৰ সন্তান । প্ৰথমা পত্নীৰ মৃত্যুৰ পাচত সুনিলে সুনীতা হাঞ্চদাক বিয়া কৰাইছিল । কিন্তু সতিনীৰ সন্তানক নিজৰ সন্তানৰ দৃষ্টিৰে চাব নোৱাৰিলে সুনীতা হাঞ্চদাই ৷ বৰঞ্চ সন্তানকেইটাক বোজা হিচাবে ভাবিবলৈ ল’লে সুনীতাই ৷

অৱশেষত বৃহস্পতিবাৰে সন্তানকেইটাক হত্যা কৰাৰ লক্ষ্যৰে সুনীতাই ভাত আৰু মুৰ্গীৰ মাংস প্ৰস্তুত কৰি তাত বিহ মিহলাই দিয়ে আৰু সন্তানকেইটাক খাবলৈ দিয়ে ৷ মাহীমাকে দিয়া সেই ভাত খোৱাৰ পাচতেই দুটাকৈ সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ সেই দৃশ্য প্ৰত্যক্ষ্য কৰি ডাঙৰ সন্তানটোৱে সেই খাদ্য নাখাই পলায়ন কৰে আৰু মাতৃৰ ভগ্নী অৰ্থাৎ মাহীয়েকক ঘটনাৰ সবিশেষ অৱগত কৰে ৷ মাহীয়েক অঞ্জুৱে ততালিকে শিশু হেল্পলাইনৰ লগত যোগাযোগ কৰে ৷

ততালিকে বিভাগীয় লোক ঘটনাস্থলীত উপস্থিত হৈ অসুস্থ সন্তান দুটিক উদ্ধাৰ কৰে যদিও এটা সন্তানে মৃত্যুক আকোঁৱালি লয় (Child dead by eating poison mixed food)৷ আনহাতে অসুস্থ আনটো সন্তানক শংকৰক কমিউনিটি হেল্থ চেণ্টাৰত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে গিৰিডিহলৈ প্ৰেৰণ কৰে ৷

ইতিমধ্য তিশ্ৰী আৰক্ষী থানাৰ থানা প্ৰভাৰী পিকু প্ৰসাদ সদালবাল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে হত্যাকাৰী মাহীমাকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে কৰা সোধা-পোছাত হত্যাকাৰী মাহীমাক সুনীতাই বিহ খুৱাই সতিনীৰ সন্তানক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ।

লগতে পঢ়ক : Student shot dead at Bijnor : মাজ ৰাস্তাত গুলীয়াই হত্যা কৰা হ’ল কৃষ্ণক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.