ETV Bharat / bharat

Steel man of India dies : ষ্টীল মেন অৱ ইণ্ডিয়া খ্যাত জামছেদ জে ইৰাণীৰ বিয়োগ - ষ্টীল মেন অৱ ইণ্ডিয়া খ্যাত জামছেদ জে ইৰাণীৰ বিয়োগ

টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক জামছেদ জে ইৰাণী আৰু নাই (Steel Man of India dies) । ৮৬ বছৰ বয়সত মৃত্যু জামছেদ জে ইৰাণীৰ । ২০১১ চনৰ জুনত টাটা ষ্টীলৰ বোৰ্ডৰ পৰা অৱসৰ লৈছিল ইৰাণীয়ে । ইৰাণীয়ে ১৯৯২ চনত পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লয় ইৰাণীয়ে ।

Steel man of India dies
ষ্টীল মেন অৱ ইণ্ডিয়া খ্যাত জামছেদ জে ইৰাণীৰ বিয়োগ
author img

By

Published : Nov 1, 2022, 11:51 AM IST

নেশ্যনেল ডেস্ক, ১ অক্টোবৰ : ভাৰতৰ 'ষ্টীল মেন' হিচাপে পৰিচিত জামছেদ জে ইৰাণীৰ সোমবাৰে নিশা জামছেদপুৰত মৃত্যু হয় (Jamshed J Irani passes away)। মৃত্যুৰ সময়ত ইৰাণীৰ বয়স আছিল ৮৬ বছৰ । ইৰাণী চাৰি দশকৰো অধিক সময় ধৰি টাটা ষ্টীল কোম্পানীৰ সৈতে জড়িত আছিল । তেওঁ ২০১১ চনৰ জুনত টাটা ষ্টীলৰ বোৰ্ডৰ পৰা অৱসৰ লৈছিল । আন্তৰ্জাতিক পৰ্যায়ত কোম্পানীটোক বিভিন্ন সন্মান প্ৰদানৰ অন্তত ৪৩ বছৰীয়া কাৰ্যকালৰ সমাপ্তি হৈছিল ।

১৯৩৬ চনৰ ২ জুনত নাগপুৰত জিজি ইৰাণী আৰু খোৰশ্বেদ ইৰাণীৰ ঘৰত জন্মগ্ৰহণ কৰা ড০ ইৰাণীয়ে ১৯৫৬ চনত নাগপুৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা আৰু ১৯৫৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা ভূ-বিজ্ঞানত এমএছচি পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল । তাৰ পাছত তেওঁ জে এন টাটা পণ্ডিত হিচাপে ব্ৰিটেইনৰ শ্বেফিল্ড বিশ্ববিদ্যালয়লৈ যায়, য'ত তেওঁ ১৯৬০ চনত মেটালুৰ্জিত স্নাতকোত্তৰ আৰু ১৯৬৩ চনত মেটালুৰ্জিত পিএইচডি লাভ কৰে ।

তেওঁ ১৯৬৩ চনত শ্বেফিল্ডত ব্ৰিটিছ আইৰণ এণ্ড ষ্টীল ৰিচাৰ্চ এছ'চিয়েচনৰ সৈতে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল, কিন্তু ৰাষ্ট্ৰৰ প্ৰগতিত অৰিহণা যোগাবলৈ তেওঁ আগ্ৰহী আছিল (Jamshed J Irani career)। যাৰ বাবে তেওঁ টাটা আইৰণ এণ্ড ষ্টীল কোম্পানীত (বৰ্তমান টাটা ষ্টীল) যোগদান কৰিবলৈ ভাৰতলৈ উভতি আহে । তেওঁ ১৯৬৮ চনত গৱেষণা আৰু বিকাশৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ সহায়ক হিচাপে প্ৰতিষ্ঠানটোত যোগদান কৰে ।

তেওঁ ১৯৭৮ চনত সাধাৰণ অধীক্ষক, ১৯৭৯ চনত জেনেৰেল মেনেজাৰ আৰু ১৯৮৫ চনত টাটা ষ্টীলৰ সভাপতি হয় । তেওঁ ১৯৮৮ চনত টাটা ষ্টীলৰ যুটীয়া পৰিচালনা সঞ্চালক আৰু ২০০১ চনত অৱসৰ লোৱাৰ পূৰ্বে ১৯৯২ চনত পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লয় । তেওঁ ১৯৮১ চনত টাটা ষ্টীলৰ বোৰ্ডত যোগদান কৰিছিল আৰু ২০০১ চনৰ পৰা এক দশকৰ বাবে এগৰাকী অ-কাৰ্যবাহী সঞ্চালকো আছিল । টাটা ষ্টীল আৰু টাটা চন্সৰ উপৰিও, ড০ ইৰাণীয়ে টাটা মটৰ্চ আৰু টাটা টেলিচাৰ্ভিচেছকে ধৰি কেইবাটাও টাটা গ্ৰুপ কোম্পানীৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

তেওঁ ১৯৯২-৯৩ বৰ্ষৰ বাবে ভাৰতীয় উদ্যোগ পৰিষদৰ (CII) ৰাষ্ট্ৰীয় সভাপতিৰ পদতো অধিষ্ঠিত আছিল । তেওঁক কেইবাটাও সন্মান প্ৰদান কৰা হয় । যাৰ ভিতৰত আছে ১৯৯৬ চনত ৰয়েল একাডেমী অফ ইঞ্জিনিয়াৰিঙৰ আন্তৰ্জাতিক ফেলো হিচাপে নিযুক্তি আৰু ১৯৯৭ চনত ৰাণী দ্বিতীয় এলিজাবেথৰ দ্বাৰা ইণ্ডো-ব্ৰিটিছ বাণিজ্য আৰু সহযোগিতাত তেওঁৰ অৱদানৰ বাবে সন্মানীয় নাইটহুড সন্মান ।

উদ্যোগ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০৭ চনত পদ্মভূষণ সন্মানো প্ৰদান কৰা হৈছিল । ধাতুবিদ্যাৰ ক্ষেত্ৰত সেৱাৰ স্বীকৃতি হিচাপে ড০ ইৰাণীক ২০০৮ চনত ভাৰত চৰকাৰে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছিল । ড০ ইৰাণীৰ মৃত্যুত মৰ্মাহত টাটা ষ্টীল ।

লগতে পঢ়ক :Cable bridge to collapse: মৰ্বিৰ মাচ্চু নদীৰ ওলমা দলং ট্ৰেজেডীৰ বাবে কোন দায়ী?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.