ETV Bharat / bharat

Sri Lankan family arrested : শ্ৰীলংকাৰ ব্যক্তিয়ে কেনেকৈ পালে ভাৰতীয় পাছপ'ৰ্ট ?

author img

By

Published : Aug 12, 2023, 12:35 PM IST

ভুৱা নথিৰে ভাৰতীয় পাছপ'ৰ্ট লৈ বিপদত শ্ৰীলংকাৰ এটা পৰিয়াল । চেন্নাই বিমান বন্দৰত পৰিয়ালটোক আটক । শৰণাৰ্থী হিচাপে তামিলনাডুলৈ আহি পৰিয়ালটোৱে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পাছপ'ৰ্ট আদি লাভ কৰিছিল ।

Sri Lankan family arrested
শ্ৰীলংকাৰ ব্যক্তিয়ে কেনেকৈ পালে ভাৰতীয় পাছপ'ৰ্ট

নেশ্যনেল ডেস্ক,১২ আগষ্ট : চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চাঞ্চল্যকৰ ঘটনা । শ্ৰীলংকাৰ এটা পৰিয়ালৰ পৰা উদ্ধাৰ ভুৱা ভাৰতীয় পাছপ'ৰ্ট ! বিমানবন্দৰৰ পৰা আটত পৰিয়ালটো । পৰিয়ালটোৱে দাবী কৰা মতে তেওঁলোকে বৈধভাৱে পাছপ'ৰ্ট লাভ কৰিছিল । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে শ্ৰীলংকাৰ কলম্বোৰ পৰা পত্নী, পুত্ৰ আৰু কন্যাসহ ৰামালান ছালাম নামৰ এজন ব্যক্তিয়ে বিমানেৰে কলম্বোৰ পৰা চেন্নাইত উপস্থিত হৈছিল । তেওঁলোকে বৃহস্পতিবাৰে পুৱা ১০.৪৫ বজাত শ্ৰীলংকাৰ ৰাজধানী চহৰৰ পৰা উৰা মাৰি চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল । সেই সময়ত, বিমানবন্দৰৰ ইমিগ্ৰেচন বিষয়াসকলে তেওঁলোকৰ পাছপ'ৰ্ট আৰু নথিপত্ৰ পৰীক্ষা কৰিছিল । কিন্তু শ্ৰীলংকাৰ নাগৰিক ৰামালান ছালাম আৰু তেওঁ পৰিয়ালৰ হাতত ভাৰতীয় পাছপ'ৰ্ট দেখি হতবাক বিষয়াসকল ।

শ্ৰীলংকাৰ নাগৰিকে কেনেকৈ লাভ কৰিলে ভাৰতীয় পাছপ'ৰ্ট ? বিষয়াসকলৰ সন্দেহ হোৱাত তেওঁলোকক সোধা-পোছা আৰম্ভ কৰে । পৰিয়ালটোৰ মুৰব্বী ছালামে কোৱা মতে তেওঁ ২০১১ চনত শ্ৰীলংকাৰ পৰা শৰণাৰ্থী হিচাপে তামিলনাডুলৈ আহিছিল । তাৰ পাছত, তেওঁ শ্ৰীলংকালৈ উভতি যোৱা নাছিল আৰু চেন্নাইৰ ভাণ্ডালুৰৰ ওচৰত আছিল । তাৰ পাছত তেওঁ আবেদন কৰি ভাৰতৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, পেন কাৰ্ড আদি লাভ কৰিছিল । আনকি সেই নথিৰ আধাৰত তেওঁ আৰু তেওঁৰ পৰিয়ালে ভাৰতীয় পাছপ'ৰ্ট লাভ কৰিছিল বুলি ছালামে দাবী কৰে । তেওঁ কোৱা মতে ভাৰতীয় পাছপ'ৰ্ট লাভ কৰাৰ সময়ত ভাণ্ডালুৰ অটাৰী আৰক্ষী থানাৰ প্ৰমাণীকৰণ আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হৈছিল ।

কিন্তু ইমিগ্ৰেচন বিষয়াসকলে ৰামালান ছালামৰ কথা বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে । কিয়নো তেওঁ ভাৰতত বাস কৰিলেও তেওঁ এগৰাকী শ্ৰীলংকাৰ নাগৰিক । সেয়েহে তেওঁ ভাৰত চৰকাৰক প্ৰতাৰণা কৰিছে আৰু ভাৰতীয় পাছপ'ৰ্ট লাভ কৰিছে । যাৰ বাবে ছালাম আৰু তেওঁৰ পৰিয়ালক বিমানবন্দৰৰ পৰা বাহিৰলৈ যাবলৈ বাধা দিয়া হয় আৰু তেওঁলোকক ইমিগ্ৰেচন কাৰ্যালয়ত আটক কৰি ৰখা হয় । পৰৱৰ্তী সময়ত বিমানবন্দৰৰ ইমিগ্ৰেচন বিষয়াসকলে উৰ্ধতন বিষয়া, দিল্লীৰ মুখ্য ইমিগ্ৰেচন কাৰ্যালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে বিষয়টো আলোচনা কৰে ।

ইয়াৰ পাছত বিমানবন্দৰৰ বিষয়াসকলে চেন্নাইৰ কেন্দ্ৰীয় অপৰাধ শাখাক অৱগত কৰে । লগে লগে কেন্দ্ৰীয় অপৰাধ শাখাৰ বিষয়াসকল চেন্নাই বিমানবন্দৰত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । ইয়াৰ লগতে, ৰামালান ছালাম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰা আৰু ভুৱা ভাৰতীয় পাছপ'ৰ্ট গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে আৰু চাৰিজনীয়া পৰিয়ালটোক গ্ৰেপ্তাৰ কৰে । অধিক অনুসন্ধানৰ বাবে চেন্নাইৰ কেন্দ্ৰীয় অপৰাধ শাখাৰ কাৰ্যালয়লৈ তেওঁলোকক লৈ যোৱা হয় ।

লগতে পঢ়ক:Morphine Seized: ৭ কোটি টকাৰ মৰফিনসহ তিনি সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.