ETV Bharat / bharat

মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে নতুন সুবিধা ত্ৰিপুৰা চৰকাৰৰ - ত্ৰিপুৰা চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ

ত্ৰিপুৰাৰ মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুখবৰ । ত্ৰিপুৰা চৰকাৰে তেওঁলোকৰ আৰ্থিক উন্নয়নৰ বাবে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত । বাকী লোকৰ দৰে তেওঁলোককো দিয়া হৈছে সম অগ্ৰাধিকাৰ । কি নতুন সিদ্ধান্ত লৈছে ত্ৰিপুৰা চৰকাৰে ?

Tripura Gov
মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে নতুন সুবিধা ত্ৰিপুৰা চৰকাৰৰ
author img

By

Published : Sep 10, 2021, 10:22 AM IST

আগৰতলা, ১০ ছেপ্টেম্বৰ : মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ত্ৰিপুৰা চৰকাৰে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ । তেওঁলোকৰ সংস্থাপনৰ বাবে বিশেষ উদ্যোগ লৈছে চৰকাৰে । মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকলকো (physical disabilities) চৰকাৰে প্ৰদান কৰিব সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ।

ত্ৰিপুৰা চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যখনত নতুনকৈ ৪০৮ খন নতুন সুলভ মূল্যৰ দোকানৰ (fair prices shops) বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব । ৰাজ্যখনৰ লোকসকলে যাতে সহজতে চৰকাৰী ৰেচন লাভ কৰিব পাৰে সেই উদ্দেশ্যেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।

উল্লেখ্য যে, ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত হিতাধিকাৰীসকলে ৰেচনৰ বাবে বহু দূৰলৈ যাবলগীয়া হয় । সেই দূৰত্ব কিছু কম কৰাৰ লগতে মানুহে দুৱাৰমুখতে যাতে সকলো সামগ্ৰী লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত ।

লগতে ৪০৮ খন নতুন সুলভ মূল্যৰ দোকানক এনেদৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব যাতে একোখন দোকানত ৪০০তকৈ অধিক নিয়মীয়া গ্ৰাহক নাথাকে । ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত মহিলাসকল অগ্ৰাধিকাৰ দিব । এক সূত্ৰৰ মতে মহিলাসকলক এই আঁচনিখনত অন্তৰ্ভূক্ত কৰা হৈছে যাতে তেওঁলোকে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰে ।

ইয়াৰ উপৰিও, বিশেষভাৱে সক্ষম ব্যক্তিকো সম অগ্ৰাধিকাৰ দিয়া হৈছে । সূত্ৰটোৰ মতে আৰ্থিক দিশত যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে বিশেষভাৱে সক্ষম ব্যক্তিসকলেও সুলভ মূল্যৰ দোকানৰ বাবে আবেদন কৰিব পৰা ব্যৱস্থা কৰিব চৰকাৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাত তিনিটা ইটালিয়ান পিষ্টলসহ আটক 1

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.