নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : তুষাৰপাতত ডুব গৈছে ছিকিম (Heavy Snowfall in Sikkim) ৷ যাৰ সৌন্দৰ্য উপভোগৰ বাবে ৰাজ্যখনলৈ আগমন ঘটিছে পৰ্যটকৰ ৷ কিন্তু প্ৰচুৰ পৰিমাণৰ তুষাৰপাতৰ বাবে একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ছিকিমৰ জনজীৱন ৷
বুধবাৰে ৰাজ্যখনত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত উত্তৰ ছিকিমৰ লাচুং এলেকাত আৱদ্ধ হৈ পৰে প্ৰায় 300 গৰাকী পৰ্যটক ৷ এই পৰ্যটকসকলক উদ্ধাৰ কৰে ভাৰতীয় সেনাই (Army rescue over 300 tourists in Sikkim) ৷ ইয়াৰ পূৰ্বে শনিবাৰে প্ৰায় 1,027 গৰাকী পৰ্যটক পূৱ ছিকিমৰ চীনা সীমান্তৰ সমীপৰ নাথুলাত তুষাৰপাতত আৱদ্ধ হৈ পৰিছিল ৷
সেনাৰ দলে পৰ্যটকসকলক উদ্ধাৰৰ বাবে উক্ত অঞ্চলত উপস্থিত হয় ৷ পৰ্যটকসকলেও সেনাৰ দলটোক বৰফ আঁতৰাই পথ মুকলি কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা বুলি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে টুইট কৰে ৷ তদুপৰি বৰফৰ মাজতে আহাৰো প্ৰস্তুত কৰিছিল পৰ্যটকৰ দলটোৱে ৷
শনিবাৰে আবেলি নাথুলা, টচমগ’ হ্ৰদ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত তীব্ৰ তুষাৰপাত হৈছিল ৷ যাৰ ফলত তাপমাত্ৰা শূন্য ডিগ্ৰীলৈ হ্ৰাস পাইছিল ।
লগতে চাওক: GST Changes from 1 January : পহিলা জানুৱাৰীৰ পৰা সলনি হ’ব এনে কেতবোৰ নিয়ম