নিউড ডেস্ক, 2 জুলাই : পঞ্জাৱ চৰকাৰৰ বিদ্যুৎ যোগান নীতি সন্দৰ্ভত বিদ্ৰূপ প্ৰদৰ্শন কৰা কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধুৱে নিজেই পৰিশোধ কৰা নাই 8,68,499 টকাৰ বিদ্যুতৰ মাচুল ৷ যোৱা ন-মাহ ধৰি নেতা গৰাকীয়ে বিদ্যুতৰ মাচুল পৰিশোধ কৰা নাই বুলি বাতৰিত প্ৰকাশ পোৱাৰ পাছতে বিষয়টোৱে লাভ কৰিছে ব্যাপক চৰ্চা ৷ আনক নীতি শিক্ষা দি থকাৰ সময়তে নেতা গৰাকীয়ে নিজেই বৃহৎ পৰিমানৰ বিদ্যুতৰ বিল পৰিশোধ নকৰাত এতিয়া সমালোচনাৰ পাত্ৰ হৈছে নৱজোত সিং সিদ্ধু ৷ শেহতীয়াকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ তত্বাৱধানত প্ৰৱৰ্তন কৰা বিদ্যুৎ যোগান আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিশেষভাৱে চৰ্চাত আছিল কংগ্ৰেছৰ অসন্তুষ্ট নেতা নৱজ্যোত সিং সিদ্ধু ৷
পঞ্জাৱত বিদ্যুতৰ নাটনিৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া কৰি বিদ্যুতৰ যোগান ব্যৱস্থাত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি, শুকুৰবাৰে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল নৱজ্যোত সিং সিদ্ধু ৷ নৱজ্যোত সিং সিদ্ধুৰ অভিযোগ মতে, পঞ্জাৱৰ গ্ৰাহকে প্ৰতি ইউনিট বিদ্যুতৰ বাবদ আন ৰাজ্যতকৈ অধিক পৰিশোধ কৰি আছে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ আঁচনি প্ৰৱৰ্তন কৰাৰ দৰকাৰ বুলিয়ো পৰামৰ্শ আগবঢ়াইছিল নেতা গৰাকীয়ে ৷
কিন্তু শেহতীয়া জৰীপত কংগ্ৰেছ নেতাজনে নিজেই 8,68,499 টকাৰ বিদ্যুতৰ বিল পৰিশোধ কৰা নাই বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছে ৷ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, সিদ্ধুৱে যোৱা ন-মাহ ধৰি অমৃতসৰত থকা তেওঁৰ বাসগৃহৰ বিদ্যুতৰ বিল পৰিশোধ কৰা নাই ৷ এই প্ৰতিবেদনে এতিয়া অস্বস্তিত পেলাইছে কংগ্ৰেছ নেতা গৰাকীক ৷
উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে দৃঢ়তাৰে কৈছিল যে, বিদ্যুৎ বিকল হোৱাৰ বাবে কৃষকসকলে সময় মতে ধান খেতি কৰিব পৰা নাই ৷ সেয়েহে কৃষি খণ্ডত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন ৷ লগতে খেতি ৰক্ষা আৰু ঘৰুৱা বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহৰ সময় হ্ৰাস কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী গাৰকীয়ে ৷
আনহাতে উচ্চ শক্তি ব্যৱহাৰকাৰী উদ্যোগসমূহলৈ বিদ্যুৎ যোগান হ্ৰাস কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয়ক বিদ্যুতৰ ন্যায়সংগত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৷ কিয়নো ৰাজ্যখনত বিদ্যুতৰ চাহিদাই সৰ্বাধিক 14,500 মেগাৱাট স্পৰ্শ কৰিছিল ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই আহ্বানৰ পাছতে কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুৱে ৰাজ্যখনত প্ৰকৃত পঞ্জাৱ আৰ্হি প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল ৷ লগতে দিল্লী আৰ্হিৰ আঁচনিক নকল নকৰিবলৈ আহ্বান জনাইছিল সিদ্ধুৱে ৷
সিদ্ধুৱে পৰামৰ্শ দিছিল যে, পঞ্জাৱ বিধানসভাই প্ৰকাশ সিং বাদলৰ চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত বিদ্যুৎ ক্ৰয় চুক্তি সংশোধনৰ বাবে নতুন আইন আনিব পাৰিব ৷ যিখন চুক্তি বৰ্তমান ৰাজ্যত উচ্চ বিদ্যুতৰ হাৰৰ বাবে দায়বদ্ধ ৷ অৱশ্যে শেহতীয়াকৈ কংগ্ৰেছ নেতাজনে নিজেই তেওঁৰ বিদ্যুতৰ বিল পৰিশোধ নকৰা বিষয়টো প্ৰকাশ পোৱাৰ পাছতে সমালোচনাৰ পাত্ৰ হৈছে কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু ৷
লগতে পঢ়কঃ APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে