ETV Bharat / bharat

Sarbananda Sonowal at DU: দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Oct 15, 2022, 4:52 PM IST

ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে অনুষ্ঠিত হয় ‘ৰস কীৰ্তি ২০২২’ ( Rasa-Kirti 2022) ৷

Sarbananda Sonowal at centenary celebrations of Delhi University
দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ: ঐতিহ্যমণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপন আৰু আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ‘ৰস কীৰ্তি ২০২২’ ( Rasa Kirti 2022) ৷ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জাহাজ (Shipping), বন্দৰ (Port), জল পথ পৰিবহণ (Waterways), আয়ূষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Celebrates Mahapurush Srimanta Sankardev Rasa Kirti 2022 at DU) ৷

উল্লেখ্য যে, "ৰস কীৰ্তি ২০২২" কাৰ্যসূচীৰ অংশ হিচাপে গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ আধাৰত "ধন্য তোহো শ্ৰীমন্ত শংকৰ" শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । এই সাংস্কৃতিক অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিস্তৃত জীৱন পৰিক্ৰমা আৰু অতুলনীয় কৰ্মৰাজিৰ গুণ-গানেৰে মুখৰিত হোৱা পৰিলক্ষিত হয় দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদ ৷

দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰী আৰু বহু গণ্য-মান্য লোকৰ উপস্থিতিত গুৰুজনাৰ অতুলনীয় জীৱন জ্যোতিৰে প্ৰাণৱন্ত হৈ উঠা এই সুন্দৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্যোক্তাসকলৰ এই উত্তম প্ৰচেষ্টাক আন্তৰিকতাৰ শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal) ৷

উল্লেখ্য যে, দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি গুৰুজনাৰ মহান আদৰ্শ, অমিয়া ভক্তি চেতনা আৰু অমূল্য কৰ্ম-ৰাজিৰ চৰ্চা তথা প্ৰসাৰৰ উদ্দেশ্যে ২১ দিনীয়া নৃত্য-নাট কৰ্মশালাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardeva) এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি তথা চিত্ৰকৰ আছিল । অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা আছিল তেখেত । গুৰুজনাৰ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল । অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেখেতে যি অৱদান আগবঢ়াই গ'ল, সেইবাবেই তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয় ।

গুৰুজনাই মানুহৰ আধ্যাত্মিক উত্তৰণৰ বাবে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ-সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল ৷ মহাত্মা গান্ধীয়ে শংকৰদেৱৰ প্ৰসঙ্গত কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শঙ্কৰদেৱে অসমবাসীক দি গৈছে ৷

লগতে পঢ়ক: Privatization of River Transport: ব্যক্তিগতকৰণৰ বাট মুকলি হ’ল নদী পথ যাতায়াতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.