ETV Bharat / bharat

Parkash Singh Badal passes away: পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসান

author img

By

Published : Apr 25, 2023, 9:21 PM IST

Updated : Apr 25, 2023, 9:34 PM IST

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালী দলৰ প্ৰতিষ্ঠাতা পৰকাশ সিং বাদলৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ (Parkash Singh Badal passes away) ৷

Parkash Singh Badal passes away
SAD patriarch Parkash Singh Badal passes away

নিউজ ডেস্ক, 25 এপ্ৰিল: শিৰোমণি আকালি দলৰ পিতৃপুৰুষ স্বৰূপ প্ৰকাশ সিং বাদলৰ মঙলবাৰে সন্ধিয়া 95 বছৰ বয়সত দেহাৱসান ঘটে । যোৱা ২১ এপ্ৰিলত উশাহ-নিশাহ লোৱাত অসুবিধা পোৱাত তেওঁক মোহলীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত ভৰ্তি কৰা হৈছিল । বাদলে ইহসংসাৰত পুত্ৰ তথা শিৰোমণি আকালী দলৰ মুৰব্বী সুখবীৰ সিং বাদল আৰু প্ৰাক্তন কেবিনেট মন্ত্ৰী আদেশ প্ৰতাপ সিং কাইৰন আৰু বিবাহিত কন্যা পাৰ্নীত কৌৰক এৰি থৈ যায় (SAD patriarch Parkash Singh Badal passes away)।

শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বাদলৰ স্বাস্থ্যৰ খবৰ লৈছিল । ২০২২ চনত ৰাজ্যিক নিৰ্বাচনত দেশৰ ভিতৰতে নিৰ্বাচনী খেলপথাৰত আটাইতকৈ বয়সীয়ান প্ৰাৰ্থী আছিল বাদল ৷ কিন্তু প্ৰয়াত সাংসদ জগদেৱ সিং খুদিয়ানৰ পুত্ৰ তথা আপৰ গুৰমীত সিং খুদিয়ানৰ হাতত তেওঁ পৰাস্ত হৈছিল (SAD patriarch Parkash Singh Badal)।

এয়া আছিল বাদলৰ ত্ৰয়োদশ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ ফলাফলৰ পিচত বাদল অঞ্চলটোত ৰাজনৈতিকভাৱে সক্ৰিয় হোৱা নাছিল । অৱশ্যে তেওঁ লেম্বিত ধন্যবাদ প্ৰদানৰ এক যাত্ৰা আৰম্ভ কৰিছিল ৷ তথাপিও মাজভাগতে এই যাত্ৰা বাতিল কৰা হৈছিল । ইয়াৰ পিচত হয় তেওঁ হাৰিয়ানাৰ বালাছাৰ গাঁৱত চণ্ডীগড় ফাৰ্ম হাউচ আৰু বাদল গাঁৱত থকা নিজাবাসগৃহ সময় কটাইছিল (Parkash Singh Badal passes away)।

ৰাজনৈতিক জীৱন: ১৯৪৭ চনত ৰাজনীতিৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰে প্ৰকাশ সিং বাদলে । কিন্তু ১৯৫৭ চনত প্ৰথম বিধানসভা নিৰ্বাচনত জয়লাভ কৰে ।১৯৬৯ চনত পুনৰ বিধানসভা নিৰ্বাচনত জয়ী হয় । ১৯৬৯-১৯৭০ চনলৈকে তেওঁ সামূহিক উন্নয়ন, পঞ্চায়তীৰাজ, পশুপালন, দুগ্ধ আদিৰ সৈতে জড়িত মন্ত্ৰালয়সমূহত কাৰ্যকৰী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰকাশ সিং বাদলে ১৯৭০-৭১, ১৯৭৭-৮০, ১৯৯৭-২০০২ চনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ 1972, 1980 আৰু 2002 চনত বিৰোধী দলৰ সদস্য হৈছিল (Parkash Singh Badal in Politics) ।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কৃষি আৰু জলসিঞ্চন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছিল প্ৰকাশ সিং বাদলক । ২০০৭ চনৰ ১ মাৰ্চৰ পৰা ২০১৭ চনলৈ তেওঁৰ কাৰ্যকাল আছিল মুখ্যমন্ত্ৰী হিচাবে । ইয়াৰ উপৰিও পাৰ্কাশ সিং বাদল পঞ্জাৱৰ শিখ ভিত্তিক প্ৰতিষ্ঠিত ৰাজনৈতিক দল শিৰোমণি আকালি দলৰ সভাপতিও । পঞ্জাৱ, পাঞ্জাবিয়া আৰু পাঞ্জাবীক সুৰক্ষা দিয়াৰ লগতে তেওঁলোকৰ স্বাৰ্থৰ বাবে মাত মতাৰ বাবে জীৱনৰ প্ৰায় সোতৰটা বছৰ কাৰাগাৰত কটাবলগীয়া হৈছে প্ৰকাশ সিং বাদলে (Parkash Singh Badal latest updates) ।

১৯৯৭ চনৰ নিৰ্বাচনত লম্বী বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰাৰ পাচত চাৰিটা কাৰ্যকালত একেৰাহে জয়লাভ কৰিছিল বাদলে । ১৯৭৭ চনত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বাদলে ২০১৫ চনৰ ৩০ মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্ম বিভূষণ সন্মান লাভ কৰে ৷ ইয়াৰ উপৰিও আন কেইবাটাও বঁটাৰে সন্মানিত হৈছিল বৰ্ষীয়ান ৰাজনীতিকগৰাকী ।

অৱশ্যে ২০২০–২০২১ বৰ্ষৰ কৃষকৰ প্ৰতিবাদৰ সমৰ্থনত পদ্মবিভূষণ বঁটা ঘূৰাই দি ২০২০ চনৰ ডিচেম্বৰ মাহত বাদলে সংবাদ শিৰোনাম দখল কৰিছিল । নিজে এগৰাকী কৃষক হিচাবে বাদলে সহযোগী কৃষকৰ সৈতে সংহতি প্ৰকাশৰ বাবে প্ৰতিবাদত যোগদান কৰি বৰ্তমানৰ নীতিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি চৰকাৰলৈ নিজৰ বঁটা ঘূৰাই দিয়ে ।

লগতে পঢ়ক: Delhi liquor scam: মনীষ চিছোডিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল চিবিআইৰ

Last Updated : Apr 25, 2023, 9:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.