ETV Bharat / bharat

Delhi Excise Policy : আজি গ্ৰহণ কৰা হ’ব মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি - আজি গ্ৰহণ কৰা হ’ব মনীষ চিচোদিয়াৰ জামিন আবেদনৰ

মঙলবাৰে দিল্লীৰ এখন আদালতত আবকাৰী নীতিৰ গোচৰত মণিষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব । ইয়াৰ পূৰ্বে সোমবাৰে মনীষ চিচোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছিল (Judicial custody of Manish Sisodia)।

delhi liquor scam
মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি
author img

By

Published : Mar 21, 2023, 1:33 PM IST

নেশ্যনেল ডেস্ক, 21 মাৰ্চ : মঙলবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব । আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত চিবিআইয়ে পঞ্জীয়ন কৰা গোচৰত এই শুনানি অনুষ্ঠিত হ’ব । এই গোচৰৰ জামিন আবেদন চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালৰ আদালতত যুক্তিৰ বাবে তালিকাভুক্ত কৰা হৈছে । ইয়াৰ পূৰ্বে বিচাৰ আদালতত জামিন আবেদনত মনীষ চিছ’দিয়াই তেওঁক জিম্মাত ৰখাৰ কোনো অৰ্থপূৰ্ণ উদ্দেশ্য পূৰণ নহ’ব কিয়নো ইতিমধ্যে সকলো জব্দ কৰা হৈছে বুলি উল্লেখ কৰে (Judicial custody of Manish Sisodia) ।

delhi liquor scam
মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি

চিবিআইয়ে তদন্তলৈ মাতি অনাৰ পিছতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ প্ৰতি সহযোগিতা আগবঢ়াইছে বুলি মনীষ চিচোদিয়াই জানিবলৈ দিয়ে । ইয়াৰ উপৰিও মনীষ চিচোদিয়াই আৱেদনখনত উল্লেখ কৰে যে তেওঁ দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে তথা সমাজত তেওঁৰ গভীৰ প্ৰভাৱ আছে । দিল্লীৰ আবকাৰী গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা আন অভিযুক্ত সকলে ইতিমধ্যে জামিন লাভ কৰিছে (Manish bail plea today in liquor scam)।

একে সময়তে সোমবাৰে এই গোচৰত আদালতে চিচোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনৰ বাবে বৃদ্ধি কৰিছে । এই অনুসৰি ৩ এপ্ৰিললৈকে কাৰাগাৰত থাকিব লাগিব চিচোদিয়া । বৰ্তমান চিচোদিয়া ২১ মাৰ্চলৈকে ইডিৰ জিম্মাত আছে বুলি জানিবলৈ পৰা গৈছে । একে সময়তে ইডিয়ে আবকাৰী পলিচি কেলেংকাৰীৰ গোচৰত চিচোদিয়াৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰো ৰুজু কৰিছে । জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত বুধবাৰে ইডিয়ে চিচোদিয়াক আদালতত হাজিৰ কৰিব বুলি জানিবলৈ পৰা গৈছে (delhi liquor scam) ।

লগতে পঢ়ক : Delhi excise policy case : চিছোদিয়াৰ ন্যায়িক জিম্মা ৩ এপ্ৰিললৈ বৃদ্ধি

উল্লেখনীয় যে, আবকাৰী নীতি কেলেংকাৰী গোচৰৰ জেৰাৰ সময়ত চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত চিচোদিয়াক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পাছতে চিবিআইৰ জিম্মা শেষ হোৱাৰ পাছত আদালতে চিচোদিয়াক ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে । তিহাৰ কাৰাগাৰতে ৯ মাৰ্চত চিচোদিয়াক ইডিয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে, ১৪ দিনৰ বাবে দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা বৃদ্ধি কৰে (Rouse Avenue Court of Delhi) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.