ETV Bharat / bharat

বিয়া হৈ গ’ল, কিন্তু শহুৰৰ ঘৰ নাপালেগৈ কইনা!

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:56 PM IST

মথুৰা আগ্ৰাত পথ দুৰ্ঘটনাত ৩ জন বন্ধুসহ ৭ জন বিবাহ যাত্ৰীৰ কৰুণ মৃত্যু ৷ সবিশেষ আগলৈ-

road accident
পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : উত্তৰ প্ৰদেশত দুটা পৃথক পথ দুৰ্ঘটনাত তিনিজন বন্ধুসহ সাতজন লোক নিহত হয় । আন পাঁচজন গুৰুতৰভাৱে আহত হয় । খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু সকলো মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । কোচিকলা আৰক্ষী থানা এলেকাত পিছফালৰ পৰা বৰযাত্ৰীৰ এখন বাছত খুন্দা মাৰে এখন অচিনাকি বাহনে । এই দুৰ্ঘটনাত ৪ গৰাকী বিবাহ যাত্ৰীৰ থিতাতে মৃত্যু ঘটে । আনহাতে চালকসহ ৫ জন লোক গুৰুতৰভাৱে আহত হয় । একে সময়তে আগ্ৰাৰ খেৰাগড়-ছৈয়া পথত সংঘটিত পথ দুৰ্ঘটনাত বিয়াত অংশগ্ৰহণ কৰিবলৈ যোৱা তিনিজন বন্ধুক এখন অচিনাকি বাহনে চেপি ধৰে । এই দুয়োটা দুৰ্ঘটনাৰ তথ্য লাভ কৰি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ৭ জন লোকৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

সমগ্ৰ বিষয়টো কোচিকালা থানা এলেকাৰ আগ্ৰা-দিল্লী ঘাইপথৰ । এখন অচিনাকি বাহনে বাছত পিছফালৰ পৰা খুন্দা মাৰে ৷ মঙলবাৰে সন্ধিয়া পালৱালৰ দিঘোট গাঁৱৰ পৰা বৰযাত্ৰীৰ বাছ মথুৰা জিলাৰ ছটা থানা এলেকাৰ উমৰায়া গাঁৱলৈ গৈছিল । বুধবাৰে পুৱা বাছখন বিয়াৰ পৰা পালৱাললৈ উভতি গৈ আছিল । তেতিয়াই আগ্ৰা-দিল্লী ঘাইপথৰ কোচিকালা থানা এলেকাত পিছফালৰ পৰা বাছখনত খুন্দা মাৰে এখন অচিনাকি বাহনে । সংঘৰ্ষৰ পিছতে চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এই দুৰ্ঘটনাত বাছখনত থকা বিবাহৰ যাত্ৰী ধ্ৰুৱ, চুন্নীলাল, শ্যাম আৰু দলবীৰৰ থিতাতে মৃত্যু হয় । নিহত আটাইকেইজন হাৰিয়ানাৰ বাসিন্দা । বাছখনত থকা আৰু আন চাৰিজন বিবাহ যাত্ৰীৰ অৱস্থা সংকটজনক হৈয়ে আছে । স্থানীয় ৰাইজৰ তথ্যৰ ভিত্তিত আৰক্ষী তাত উপস্থিত হৈ আটাইকেইজন আহতক মথুৰাৰ কে ডি মেডিকেল কলেজত চিকিৎসাৰ বাবে ভৰ্তি কৰায় । আহত দুজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

এই গোটেই ঘটনাটো সন্দৰ্ভত এছ এছ পি দেহাত ত্ৰিগুন বেছানে কয় যে, বিবাহৰ অতিথিৰে ভৰা এখন বাছত পিছফালৰ পৰা খুন্দা মৰাৰ তথ্য লাভ কৰা হৈছে । এই দুৰ্ঘটনাত ৪ গৰাকী বিবাহ যাত্ৰীৰ থিতাতে কৰুণ মৃত্যু হয়, আনহাতে ২ গৰাকী বিবাহ যাত্ৰীৰ অৱস্থা সংকটজনক হৈ আছে । আহত অতিথিসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইয়াৰ সমান্তৰালকৈ মৃতকৰ পৰিয়ালৰ লোককো এই সন্দৰ্ভত অৱগত কৰা হৈছে ৷

আপোনালোকক জনাও যে মালপুৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ইতৌৰা গাঁৱৰ বাসিন্দা প্ৰকৃত ভাই চন্দ্ৰবীৰ আৰু জয়কিষাণৰ বিবাহ সাৰন্ধি গাঁৱত স্থিৰ কৰা হৈছিল । বৰযাত্ৰীৰ বাছ মঙলবাৰে নিশা সাৰন্ধি গাঁৱলৈ গৈ আছিল । দৰা চন্দ্ৰবীৰ আৰু জয়কিষাণৰ সম্পৰ্কীয় ভাই বিষ্ণু কিবা কামৰ বাবে বৰযাত্ৰীৰ বাছত উপস্থিত থাকিব পৰা নাছিল । নিশা পলমকৈ, বিষ্ণুৱে তেওঁৰ বন্ধু আকাশ আৰু জিতুৰ সৈতে বাইকত বিয়ালৈ বুলি সাৰন্ধি গাঁৱলৈ গৈ আছিল । তেনেকুৱাতে এখন অচিনাকি বাহনে তিনিওজনকে চেপি ধৰে । থিতাতে নিহত হয় তিনিওজন । মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বিবাহ অনুষ্ঠানত পৰিৱেশ বিশৃংখল হৈ পৰে ।

খেৰাগড়ৰ এচিপি মহেশ কুমাৰে জনোৱা মতে, খেৰাগড়-ছৈয়া পথত এখন অচিনাকি বাহনে ভাকাৰ পেট্ৰল পাম্পৰ ওচৰত এখন বাইক চেপি ধৰে । এই দুৰ্ঘটনাত তিনিওজন বাইক আৰোহীৰ থিতাতে মৃত্যু হয় । আৰক্ষীয়ে আটাইকেইটা মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । এতিয়া চিচিটিভিৰ সহায়ত এই অচিনাকি বাহনখনৰৰ তালাচী চলাই থকা হৈছে ।

লগতে পঢ়ক : চুৰাটত ৰাসায়নিক উদ্যোগৰ ষ্টোৰেজ টেংকত ভয়ংকৰ অগ্নিকাণ্ড, 24 আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.