ETV Bharat / bharat

পূৰ্বৰ বন্ধ আৰু পথ অৱৰোধৰ কথা সোৱঁৰাই মণিপুৰত মোদীয়ে বিচাৰিলে বিজেপিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ

মণিপুৰত মঙলবাৰে পূৱ ইম্ফল জিলাৰ হেইনাং বিধানসভা সমষ্টিৰ এক জনসভাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অনুষ্ঠানত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ কটাক্ষ মোদীৰ ৷

reminding-bandh-and-blockade-of-the-past-modi-seeks-absolute-majority-for-bjp-in-manipur
পূৰ্বৰ বন্ধ আৰু পথ অৱৰোধৰ কথা সোৱঁৰাই মোদীয়ে মনিপুৰত বিচাৰিলে বিজেপিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ
author img

By

Published : Feb 22, 2022, 2:40 PM IST

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী: কংগ্ৰেছ চৰকাৰৰ দিনৰ বন্ধ আৰু পথ অৱৰোধৰ কথাবোৰ মনত পেলাই দি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰক্ষা, উন্নয়ন আৰু উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে মণিপুৰত আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠাৰ বাবে আহ্বান জনায় । প্ৰধান মন্ত্ৰীজনে মঙলবাৰে পূৱ ইম্ফল জিলাৰ হেইনাং বিধানসভা সমষ্টিৰ এক জনসভাত ভাষণ প্ৰদান কৰি এনেদৰে কয়(PM Narendra Modi in Manipur on Tuesday) । হেইনাং বিধানসভা সমষ্টিত মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং এ বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছে । মুখ্যমন্ত্ৰী বিৰেন সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে কংগ্ৰেছ দলৰ শৰতচন্দ্ৰ সিংহই ।

২০১৭ চনৰ আগৰ কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ বিষয়ে সোৱঁৰাই দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেই দিনবোৰত মণিপুৰৰ সমগ্ৰ দেশতে জনাজাত আছিল বন্ধ আৰু পথ অৱৰোধৰ বাবে । কিন্তু বিজেপি চৰকাৰৰ দিনত এই বন্ধ আৰু অৱৰোধৰ সলনি ৰাজ্যখনত বিৰাজ কৰিছে শান্তি আৰু প্ৰগতিয়ে । যোৱা পাছটা বছৰত আমাৰ দলৰ চৰকাৰে মণিপুৰত সু-শাসনৰ জৰিয়তে অহা ২৫ বছৰৰ বাবে প্ৰগতিৰ এক বুনিয়াদ গঢ়াৰ চেষ্টা কৰিছে । এই ব্যৱস্থা চলাই নিবলৈ তথা বৰ্তাই ৰাখিবলৈ মণিপুৰত এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজনীয়তা খুবেই জৰুৰী, বুলি মোদীয়ে উল্লেখ কৰে ।

মণিপুৰত স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে এইবাৰ ৰাজ্যখনত এক পূৰ্ণ বহুমতৰ চৰকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ মণিপুৰৰ ভোটাৰ সকলক আহ্বান জনায় ।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনবোৰ সমালোচনা কৰি মোদীয়ে কয় যে, কংগ্ৰেছ নেতাসকলে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ সমষ্যা, আবেগ আৰু অনুভূতি কেতিয়াও বুজি উঠা নাছিল এতিয়াও কংগ্ৰেছৰ নেতাসকলে বাহিৰৰ ৰাজ্যসমূহলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ আচাৰ ব্য়ৱহাৰ তথা সংস্কৃতিক লৈ ঠাট্টা মস্কৰা কৰা দেখা যায়(Modi says Congress mocks culture of Northeast in other states) । তেওঁ লগতে কয় যে, একমাত্ৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰেহে উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ মৰ্মবেদনা অনুধাৱন কৰিব পাৰে ।

মণিপুৰত মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ চৰকাৰক প্ৰশংসা কৰি মোদীয়ে কয় যে, যোৱা পাছটা বছৰত এই চৰকাৰখন ৰাইজৰ কাষলৈ যোৱাত সক্ষম হৈছে আৰু এই চৰকাৰৰ দিনতেই উগ্ৰপন্থী সংগঠনত যোগদান কৰা বহু পথভ্ৰস্ত যুবকে ৰাষ্ট্ৰীয় ঘাইসুতিলৈ উভতি আহিছে । ৰাজ্যখনত আই এল পি বা আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰচলিত কৰাৰ বাবে থকা ৰাইজৰ বহুদিনীয়া দাবী সমূহ ২০১৭ চনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতহে সম্পন্ন হোৱা বুলি দাবী কৰি মোদীয়ে কয় যে, এই নিৰ্বাচনত ৰাইজেই নিৰ্ধাৰন কৰা উচিত যে তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ দিনৰ বন্ধ আৰু অৱৰোধ বিচাৰে নে বিজেপি চৰকাৰৰ নেতৃত্বত উন্নয়নৰ দিশেৰে আগবাঢ়ি যাব বিচাৰে ।

লগতে পঢ়ক : PM Modi visit to Tripura today : নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.