নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : আজি দেশ তথা বিশ্বৰ ভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পবিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৰদিন উপলক্ষে দেখা গৈছে পাৰভঙা উছাহ । শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে বৰদিনৰ শুভেচ্ছা জনায় (Christmas greetings from PM Modi) । তেওঁ সেৱা, দয়া আৰু নম্ৰতাৰ ভাৱ নিহিত হৈ থকা যীশুখ্ৰীষ্টৰ আদৰ্শৰ বিষয়ে সুঁৱৰে ৷ লগতে সমাজত ভাতৃত্ববোধৰ ধাৰা অব্যাহত থকাৰ কামনা কৰে ।
-
Christmas greetings to everyone! We recall the life and noble teachings of Jesus Christ, which placed topmost emphasis on service, kindness and humility. May everyone be healthy and prosperous. May there be harmony all around.
— Narendra Modi (@narendramodi) December 25, 2021 " class="align-text-top noRightClick twitterSection" data="
">Christmas greetings to everyone! We recall the life and noble teachings of Jesus Christ, which placed topmost emphasis on service, kindness and humility. May everyone be healthy and prosperous. May there be harmony all around.
— Narendra Modi (@narendramodi) December 25, 2021Christmas greetings to everyone! We recall the life and noble teachings of Jesus Christ, which placed topmost emphasis on service, kindness and humility. May everyone be healthy and prosperous. May there be harmony all around.
— Narendra Modi (@narendramodi) December 25, 2021
ইয়াৰ লগতে সকলোৰে সু-স্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ক'ভিড প্ৰট'কল মানি দেশৰ ভিন্ন প্ৰান্তত বৰদিন পালন কৰা হৈছে । কৰ্ণাটক, পশ্চিমবংগ, গোৱা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, পুডুচেৰীৰ কেইবাটাও গীৰ্জাত বৰদিন উপলক্ষে মাজনিশা প্ৰাৰ্থনা জনায় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে । শান্তি-সমৃদ্ধিৰ কামনাৰে প্ৰাৰ্থনা জনায় সকলোৱে । বৰদিন উপলক্ষে আটক ধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ ।
গীৰ্জাঘৰৰ লগতে খ্ৰীষ্টমাছ ট্ৰীয়ে শুৱনি কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ঘৰবোৰ । ঘৰে ঘৰে তৈয়াৰ কৰা হৈছে সুস্বাদু খাদ্যসম্ভাৰ । মুঠতে মহামাৰী সৃষ্ট পৰিস্থিতিৰ মাজতো হেঁপাহৰ উৎসৱটো আনন্দেৰে পালন কৰিছে সকলোৱে ।
লগতে পঢ়ক: Omicron Case in India: পুনৰ জাৰি সান্ধ্য আইন