ETV Bharat / bharat

সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীক ভাৰ্চুৱেলভাৱে সাক্ষাৎ কৰিব ৰমেশ পোখৰিয়ালে

author img

By

Published : Jan 17, 2021, 9:38 PM IST

সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক ৷ ক’ভিডৰ পাচৰ পৰ্যায়ৰ শিক্ষা সন্দৰ্ভত দীক্ষা এপৰ জৰিয়তে মন্তব্য আগবঢ়াব শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

Ramesh Pokhriyal to interact with Kendriya Vidyalaya students virtually
কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নেশ্যনেল ডেস্ক,17 জানুৱাৰী : কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মিলিত হ’ব এই ভাৰ্চুৱেল বৈঠকত ৷ ক’ভিড মহামাৰীৰ সময়চোৱাত শিক্ষাগ্ৰহণত বাধাৰ সৃষ্টি হোৱাৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ অৰ্থে আলোচনাত মিলিত হ’ব শিক্ষামন্ত্ৰী গৰাকী ৷ টুইটযোগে বৈঠকত মিলিত হোৱাৰ কথা ব্যক্ত কৰে শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে ৷

শিক্ষা মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াই সদৰি কৰা মতে, শিক্ষামন্ত্ৰী গৰাকীয়ে ক’ভিডৰ পাচৰ পৰ্যায়ৰ শিক্ষা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ সৈতে দীক্ষা এপৰ জৰিয়তে মন্তব্য আগবঢ়াব ৷

বাৰ্তালাপৰ সময়ত শিক্ষামন্ত্ৰী পোখৰিয়ালে শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষাত কেনেদৰে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে তথ্য আগবঢ়াব যাতে শিক্ষাৰ্থীসকলে উজ্জ্বল কেৰিয়াৰ গঢ়ি তুলিব পাৰে । পূৰ্বে ম’বাইল ফোন আৰু টেলিভিশ্বন মনোৰঞ্জনৰ উৎস আছিল যদিও ক’ভিড মহামাৰীয়ে এইসমূহ এক শিক্ষাৰ মঞ্চ হিচাপে শক্তিশালী দক্ষতাৰ ৰূপত ব্যৱহাৰ কৰাৰ সুযোগ প্ৰদান কৰিছে ৷ ইয়াৰ আগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষাৰ্থী, শিক্ষক, অধ্যাপক আৰু পিতৃ-মাতৃৰ সৈতে বাৰ্তালাপ কৰে ৷

লগতে পঢ়ক : এৰ্নাকুল্লামত শামুকৰ সংক্ৰমণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.