ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সামাজিক মাধ্যমত আৱেগিক পোষ্ট প্ৰধানমন্ত্ৰীৰ - Ram Mandir consecration

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ মাজত মাত্ৰ ১০ দিন বাকী আছে (Ram Mandir consecration)। ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি তীব্ৰ গতিত চলিছে । তাৰ মাজতে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজৰ পৰা আশীৰ্বাদ কামনা কৰিছে ।

Ram Mandir consecration
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সামাজিক মাধ্যমত আৱেগিক পোষ্ট প্ৰধানমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 1:16 PM IST

নেশ্যনেল ডেস্ক,১২ জানুৱাৰী : অহা ২২ জানুৱাৰীত মুকলি হ'ব অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ । এই অভিষেক অনুষ্ঠানক লৈ দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ পূৰ্বে নিজৰ অনুভূতি ব্যক্ত কৰি এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ অযোধ্যাত অভিষেক অনুষ্ঠানৰ পূৰ্বে ১১ দিনীয়া এক বিশেষ ধৰ্মীয় অনুশীলন আৰম্ভ কৰিছে । এক সামাজিক মাধ্যমৰ পোষ্টটোত তেওঁ এই শুভ মুহূৰ্তৰ সাক্ষী হোৱাটো তেওঁৰ সৌভাগ্য বুলি অভিহিত কৰে ।

  • अयोध्या में रामलला की प्राण प्रतिष्ठा में केवल 11 दिन ही बचे हैं।

    मेरा सौभाग्य है कि मैं भी इस पुण्य अवसर का साक्षी बनूंगा।

    प्रभु ने मुझे प्राण प्रतिष्ठा के दौरान, सभी भारतवासियों का प्रतिनिधित्व करने का निमित्त बनाया है।

    इसे ध्यान में रखते हुए मैं आज से 11 दिन का विशेष…

    — Narendra Modi (@narendramodi) January 12, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্টটোত লিখিছে, "মই আৱেগিক । জীৱনত প্ৰথমবাৰৰ বাবে, মই এনে অনুভৱ অনুভৱ কৰিছো ।" প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ঈশ্বৰে তেওঁক 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ সময়ত সকলো ভাৰতীয়ক প্ৰতিনিধিত্ব কৰাৰ বাবে বাছনি কৰিছে আৰু এই কথা মনত ৰাখি তেওঁ বিশেষ ধৰ্মীয় অনুশীলন কৰি আছে । প্ৰধানমন্ত্ৰীয়ে লগতে দেশবাসীৰ পৰা আশীৰ্বাদো বিচাৰিছে ।

প্ৰধানমন্ত্ৰীয়ে এটা অডিঅ' বাৰ্তা পোষ্ট কৰি উল্লেখ কৰে যে এই সময়ত নিজৰ অনুভূতি প্ৰকাশ কৰাটো কঠিন কিন্তু তেওঁ প্ৰয়াস কৰি আছে । ইফালে চৰকাৰী বিষয়াসকলে কয় যে মোদীয়ে 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ সৈতে সম্পৰ্কিত শাস্ত্ৰত বিতংভাৱে বিৱৰণ দিয়া কঠিন নিৰ্দেশনা পালন কৰিব ।

উল্লেখ্য যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অযোধ্যাক ব্যাপক আয়োজন চলিছে । দেশ-বিদেশৰ হাজাৰ হাজাৰ অতিথিক আদৰিবলৈ সাজু হৈছে অযোধ্যা । সম্পূৰ্ণ চহৰখন আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ।

লগতে পঢ়ক :ৰাম মন্দিৰৰ নিমন্ত্ৰণ নাকচ কংগ্ৰেছৰ; বিজেপি-আৰ এছ এছৰ অনুষ্ঠান আখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.