নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : প্ৰত্যেক দম্পতীৰে বিবাহ সম্পৰ্কত বেলেগ বেলেগ ধাৰণা আছে (exceptional wedding) । কোনোবাই যদি ডেষ্টিনেচন ৱেডিং (destination wedding) কৰে, আনহাতে কোনোবাই আকৌ তেওঁলোকৰ বিয়াৰ বাবে এক নিৰ্দিষ্ট বিষয়বস্তু অনুসৰণ কৰে (special theme for wedding) । বিবাহৰ এনে কাৰ্যই সকলোকে এই শুভক্ষণক মনত ৰাখিবলৈ বাধ্য কৰে । কিন্তু শেহতীয়াভাৱে গুজৰাটৰ সৌৰাষ্ট্ৰ প্ৰদেশৰ ৰাজকোটত এখন বিয়া অনুষ্ঠিত হয়, যিখন চাই মানুহ আচৰিত হৈ পৰে (Rajkot Bride Farewell) ।
বৰযাত্ৰীয়ে তেওঁলোকৰ হ'বলগীয়া বোৱাৰীগৰাকীক হেলিকপ্টাৰত উঠাই বিবাহস্থলীলৈ লৈ যায় । ৰাজকোটৰ ৰাজপুত সম্প্ৰদায়ৰ মতে, 'বেল' ল'বলৈ অহা অতিথিসকলে (বৰযাত্ৰীক 'বেল' ল'বলৈ অহা বুলি কোৱা হয়) বোৱাৰীগৰাকীক হেলিকপ্টাৰত উঠাই বিবাহস্থালীলৈ লৈ যায় (Bride fly on Chopper for marriage in Rajkot) ।
'বেল' কি : গুজৰাটৰ ৰাজপুত সমাজত বিবাহ সম্পন্ন হ'লে 'বেল' পৰম্পৰা অনুসৰণ কৰা হয় । য'ত বোৱাৰীগৰাকীৰ শহুৰেকৰ ফালৰ পৰা পাঁচজন লোক আহে হ'বলগীয়া বোৱাৰীয়েকক ধুমধামেৰে লৈ যায় । ৰাজকোটত আয়োজিত এখন বিয়াত দৰাঘৰৰ পৰিয়ালৰ লোকে বোৱাৰীয়েকক নিবলৈ এখন হেলিকপ্টাৰত আহি বিয়াঘৰত উপস্থিত হয় । হেলিকপ্টাৰখন কইনা ঘৰৰ ওচৰৰ এখন খেলপথাৰত অৱতৰণ কৰোৱা হয় । অৱশ্যে ইয়াৰ বাবে বিশেষ অনুমতিও লোৱা হৈছিল । ৰাজকোটৰ শীতল উদ্যানৰ বাসিন্দা বীৰেন্দ্ৰসিং ৱাধেৰৰ জীয়াৰী হেমাংগিবা বাৰ বিবাহ ঠিক কৰা হৈছিল । তেওঁৰ শহুৰেকৰ ঘৰ খাম্বাটত । বলবীৰসিং গোহিলৰ পুত্ৰ ঋষিৰাজ সিঙৰ সৈতে তেওঁৰ বিবাহ থিৰ হৈছিল ।
পৰম্পৰা : পৰম্পৰা অনুসৰি, ঋষিৰাজ সিঙৰ পৰিয়ালৰ পাঁচজন লোক তেওঁৰ বোৱাৰীক নিবলৈ ৰাজকোটলৈ আহে । ইফালে কইনাঘৰৰ পৰিয়ালৰ তৰফৰ পৰাও বৰযাত্ৰীক বিশাল আদৰণি জনানোৱা হয় । বেল বিদায়ৰ অনুষ্ঠানৰ সময়ত এখন হেলিকপ্টাৰ আহে । তাত কইনাজনীৰ পৰিয়াল, চুবুৰীয়া আৰু ওচৰ-চুবুৰীয়াৰ মানুহে এনে এখন বিয়া দেখি আচৰিত হৈ পৰে । ইফালে কইনাক হেলিকপ্টাৰত উঠাই বিদায় দিয়া হয় ।
এই সন্দৰ্ভত হোৱা বাৰ্তালাপত কইনাৰ পিতৃ বীৰেন্দ্ৰসিং ৱাধেৰে কয় যে তেওঁলোকৰ সমাজত এইটোৱেই প্ৰথম সুযোগ । য'ত জীয়েকক হেলিকপ্টাৰত উঠাই দৰাঘৰলৈ বিদায় দিয়া হৈছে । "মই মোৰ ছোৱালীক চকুপানীৰে বিদায় দিছোঁ । কিন্তু আনন্দৰ বিষয়টো হ'ল যে, ছোৱালীজনীয়ে হেলিকপ্টাৰেৰে তেওঁৰ শহুৰেকৰ ঘৰলৈ গৈ আছে । ৰাজকোটত গৰুগাড়ীত বৰযাত্ৰী অহাৰ পৰম্পৰা আছে, কিন্তু এজনী ছোৱালী হেলিকপ্টাৰেৰে বিদায় লোৱাটো আমাৰ বাবে এয়া প্ৰথমবাৰৰ বাবে ঘটিছে ।" তেওঁ লগতে কয় ।
লগতে পঢ়ক :Fraud arrested in Guwahati: সাৱধান! গুৱাহাটীত সুন্দৰী যুৱতীয়ে পেলাইছে প্ৰৱঞ্চনাৰ জাল