ETV Bharat / bharat

Rahul Thanks Kannadigas : প্ৰথম কেবিনেট বৈঠকতে পূৰণ কৰিব 5 প্ৰতিশ্ৰুতি; ঘোষণা ৰাহুল গান্ধীৰ - Rahul Gandhi thanks Kannadigas

কৰ্ণাটক চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত এক প্ৰকাৰ বিৰোধী একতাৰ প্ৰদৰ্শন কৰে কংগ্ৰেছে । ইয়াৰ নেতৃত্ব দিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে আগন্তুক কেইঘণ্টামানৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন কেবিনেট বৈঠকত দলটোৱে আগবঢ়োৱা পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব (Karnataka oath ceremony) ।

Rahul Thanks Kannadigas
Rahul Thanks Kannadigas
author img

By

Published : May 20, 2023, 6:25 PM IST

নিউজ ডেস্ক, ২০ মে' : আজি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে (Karnataka oath ceremony) । মুখ্যমন্ত্ৰী হিচাবে সিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী হিচাবে ডি কে শিৱকুমাৰে শপত গ্ৰহণ কৰে (Siddaramaiah oath ceremony) । আনহাতে, নৱনিৰ্বাচিত কৰ্ণাটক চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিচতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "নফৰট কো মিতায়া, মহব্বত জিতি ।" অৰ্থাৎ ঘৃণা ওফৰিল, ভালপোৱাৰ জয় হ'ল । ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা পৰিচালিত পাঁচ বছৰীয়া ঘৃণাৰ শাসনৰ অন্ত পেলাই কংগ্ৰেছ দলক বাছনি কৰাৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে (Rahul Gandhi thanks Kannadigas) ।

উল্লেখ্য যে কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পিচত এই নিৰ্বাচনত কংগ্ৰেছে কেনেদৰে জয়লাভ কৰিলে সেই বিষয়ে বহুতো কথা ওলাইছে । সংবাদ মাধ্যমত এই সন্দৰ্ভত বিভিন্ন বিশ্লেষণ কৰা হৈছে । "কিন্তু মই ক'ব বিচাৰোঁ যে কংগ্ৰেছ এই কাৰণেই জিকিছে, কাৰণ আমি দৰিদ্ৰ, দলিত আৰু আদিবাসীসকলৰ সৈতে পিছফালে থিয় দিছিলোঁ । আমি সত্যত আছিলোঁ আৰু দৰিদ্ৰ লোকসকল আমাৰ লগত আছিল । বিজেপিৰ ওচৰত ধন, আৰক্ষী আৰু সকলো আছিল । কিন্তু কৰ্ণাটকৰ জনসাধাৰণে কংগ্ৰেছক নিৰ্বাচিত কৰি তেওঁলোকৰ সকলো ক্ষমতা পৰাস্ত কৰে ।" কংগ্ৰেছ কেনেকৈ শাসনলৈ আহিল সেই বিষয়ে ব্যাখ্যা কৰি ৰাহুল গান্ধীয়ে এনেদৰে কয় ।

ৰাহুলে লগতে কয়, "আমি আপোনালোকক ৫টা প্ৰতিশ্ৰুতি দিছিলোঁ । মই কৈছিলোঁ যে আমি মিছা প্ৰতিশ্ৰুতি নিদিওঁ । আমি যি কওঁ সেয়া কৰোঁ । ১-২ ঘণ্টাৰ ভিতৰতে কৰ্ণাটক চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু উক্ত বৈঠকত এই ৫টা প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত হ'ব (Rahul Gandhi on 5 promises in Karnataka) ।"

নৱনিৰ্বাচিত কৰ্ণাটক চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকত কংগ্ৰেছে কাৰ্যকৰী কৰাৰ নিশ্চয়তা দিয়া পাঁচটা প্ৰতিশ্ৰুতি হৈছে : প্ৰথম প্ৰতিশ্ৰুতি 'গৃহলক্ষ্মী'- এই আঁচনিত একোটা পৰিয়ালৰ প্ৰতিগৰাকী মহিলা মুৰব্বীক ২,০০০ টকাকৈ প্ৰদান কৰা হ'ব । দ্বিতীয়টো হৈছে 'গৃহজ্যোতি' । এই আঁচনিত প্ৰতিটো পৰিয়ালক 200 ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব । আনহাতে, তৃতীয় প্ৰতিশ্ৰুতিত 'অন্ন ভাগ্য' আঁচনিৰ জৰিয়তে প্ৰতিমাহে বিপিএল পৰিয়ালৰ প্ৰতিজন সদস্যক ১০ কিলোগ্ৰাম চাউল বিতৰণ কৰিব ।

চতুৰ্থ প্ৰতিশ্ৰুতিটো হৈছে 'যুৱ নিধি' । এই আঁচনিত নিবনুৱা স্নাতকসকলক 3,000 টকাকৈ আৰু নিবনুৱা ডিপ্ল'মাধাৰীসকলক দুবছৰৰ বাবে 1,500 টকাকৈ (18-25 বছৰ বয়সৰ ভিতৰত) প্ৰদান কৰা হ'ব । পঞ্চমটো প্ৰতিশ্ৰুতি হৈছে 'শক্তি' । এই আঁচনিত সমগ্ৰ কৰ্ণাটকত মহিলাসকলৰ বাবে ৰাজ্যিক বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব ।

লগতে পঢ়ক :Karnataka Govt Oath Taking : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া, উপ-মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.