ETV Bharat / bharat

Assam CM slams Raga: ৰাহুল গান্ধীৰ দৰে ‘ঘাটিয়া’ নেতা ক’তো দেখা নাই: হিমন্ত বিশ্ব শৰ্মা - Assam CM slams INDIA alliance

কাতি বিহুৰ চাকি জ্বলাই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দিল্লীৰ অসম ভৱনত ৰাহুল গান্ধী আৰু কংগ্ৰেছ দল তথা I.N.D.I.A মিত্ৰজোঁটক তীৰ্যক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Rahul supports Hamas
Assam CM slams rahul gandhi
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:45 PM IST

Updated : Oct 18, 2023, 11:02 PM IST

কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, 18 অক্টোবৰ: বুধবাৰে কাতি বিহু উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ অসম ভৱনত তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰে ৷ দিনজোৰা কাৰ্যসূচীৰে ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰ চলোৱা ড৹ শৰ্মা সন্ধিয়া দিল্লীৰ অসম ভৱনত উপস্থিত হয় ৷ ছত্তিশগড়ত নিৰ্বাচনী ভাষণত কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰি পেলোৱা শৰ্মাই পুনৰ দিল্লীতো সাংবাদিকৰ আগত তীৰ্যক সমালোচনা কৰে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক ৷

তেওঁ কয় যে একাংশই পংকজ সিঙক নেহৰু, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে তুলনা কৰে ৷ তাতকৈ ডাঙৰ বিড়ম্বনা আৰু কি হ’ব পাৰে ? কংগ্ৰেছৰ মতে গান্ধী পৰিয়াল আগত দেশ পিচত ৷ কিন্তু কোনো বিজেপি নেতাই কেতিয়াও এনে মন্তব্য কৰা নাই যে, পংকজ সিং আগত আৰু দেশ পিচত ৷ এনেকুৱা মন্তব্য কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰে ৷

ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বিৰুদ্ধে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অনুৰাগ সিং বিজেপিৰ এজন কাৰ্যকৰ্তা আৰু কংগ্ৰেছ গান্ধী পৰিয়ালৰ সম্পত্তি ৷ এই পাৰ্থক্যটো ৰাহুল গান্ধীয়ে বুজি পোৱা উচিত ৷ নিজেই মহাপাপত ডুবি থকা ৰাহুল গান্ধীয়ে এতিয়া আন মানুহকো পাপী সজাইছে ৷ নিজেই জামিনত আছে আৰু আনলৈ আঙুলি টোঁৱাই দুৰ্নীতিত নিমজ্জিত বুলি কৈ আহিছে ৷ ‘‘এনেকুৱা ৰাজনীতিক মই আজিলৈকে দেখা পোৱা নাই’’ বুলিও ড৹ শৰ্মাই ককৰ্থনা কৰে ৰাহুল গান্ধীক ৷ তেওঁ লগতে কয় যে গান্ধী পৰিয়ালে গান্ধীজীৰ দলটোক নিজৰ সম্পত্তি কৰি ল’লে আৰু এতিয়া আনক পৰিয়ালতন্ত্ৰ চলোৱাৰ কথা কয় ৷

পাঁচ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত ড৹ শৰ্মাই কয় যে আটাইকেইখন ৰাজ্যতে বিজেপিৰ প্ৰতি জনতা আকৰ্ষিত হৈছে ৷ গোটেই কেইখন ৰাজ্যতে বিজেপিৰ স্থিতি ভাল ৷ I.N.D.I.A মিত্ৰজোঁট সন্দৰ্ভত তেওঁ কয়, ‘‘আমি ইয়াক গুৰুত্ব দিয়া নাই ৷ কেৱল সংবাদ মাধ্যমেহে তেওঁলোকক গুৰুত্ব দিছে ৷ আমি আগতেই জানো যে এই মিত্ৰজোঁট কেৱল ক্ষমতাৰ বাবেহে, দেশৰ বাবে নহয় ৷ কাৰোবাৰ কেৰেলাত, কাৰোবাৰ পঃ বংগত, কাৰোবাৰ পঞ্জাৱত অন্তঃকলহ চলি আছে আৰু মুখেৰে ইণ্ডি মিত্ৰজোঁটৰ কথা কয় ৷ এই ইণ্ডি মিত্ৰজোঁটেই প্ৰৱঞ্চনাৰ মিত্ৰজোঁট ৷ মানুহক প্ৰৱঞ্চনা কৰাৰ বাবেই এই মিত্ৰজোঁট গঠন হৈছে ৷’’

শাৰদ পাৱাৰে ইজৰাইল-পেলেষ্টাইন যুদ্ধক লৈ প্ৰধানমন্ত্ৰীৰ স্থিতিক সমালোচনা কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ওলোটাই প্ৰশ্ন কৰে যে শাৰদ পাৱাৰক কি লাগে ? তেওঁ নিজে গৈ হামাছৰ হৈ যুদ্ধ কৰিব খোজে নেকি ? হামাছে সিমান ইজৰাইলক নিন্দা কৰা নাই, যিমান আমাৰ একাংশ ভাৰতীয় লোকে কৰিছে ৷ হামাছেও জানে যে শিশু বধ কৰি তেওঁলোকে মহাপাপ আৰ্জিছে ৷ ভাৰতত এনে একাংশ নেতা আছে যি তুষ্টিকৰণৰ বাহিৰে আৰু একো দেখা নাপায় ৷

ৰাহুল গান্ধীক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ বৈঠকত সকলোৱে হামাছক নিন্দা কৰাৰ কথা কৈছিল যদিও ৰাহুল গান্ধীয়ে তেলেংগানা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনক সমৰ্থন কৰাৰ প্ৰস্তাৱ দিয়ে ৷ তাৰ পিচতেই এই প্ৰস্তাৱ গৃহীত হয় ৷ য’ত হামাছৰ বিৰুদ্ধে এষাৰীও বাক্য নাই ৷ কাছভৰ সময়ত কংগ্ৰেছে যি কৰিলে সেয়া সকলোৱে জানে ৷ কিন্তু পাঠানকোট আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ উত্তৰ পাকিস্তানক দিলে ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কংগ্ৰেছে একো নকয় ৷ যাৰ বাবে ভাৰতেও সন্ত্ৰাসবাদৰ কু-ফল ভোগ কৰিছে ৷

ভাৰতৰ আটাইতকৈ পুৰণি দলটোৱে হামাছক নিন্দা কৰিব লাগিছিল ৷ কিন্তু তেওঁলোকে তেলেংগানাত ওৱেছিৰ ভোট বেংক দখলৰ বাবেই হামাছক সমৰ্থন কৰিছে ৷ ৰাহুল গান্ধীয়ে এতিয়া ইয়াত বাইক চলাই আছে, কেতিয়াবা গাজা ষ্টিপত গৈ বাইক, ট্ৰেক্টৰ আদি চলাবও পাৰে বুলি কটাক্ষ কৰে ড৹ শৰ্মাই ৷

লগতে পঢ়ক: Chhattisgarh Election 2023: ছত্তিশগড়ত কংগ্ৰেছক তুলাধুনা হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Oct 18, 2023, 11:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.