ETV Bharat / bharat

কৃষি আইনৰ ক্ষতিকাৰক দিশসমূহ দাঙি ধৰি পুস্তিকা উন্মোচন কৰিব ৰাহুল গান্ধীয়ে - কৃষি আইনৰ ক্ষতিকাৰক দিশ

কৃষি আইনৰ ক্ষতিকাৰক দিশসমূহ সামৰি ৰচনা কৰা এখন পুস্তিকা উন্মোচন কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । মঙলবাৰে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এই পুস্তিকা উন্মোচন কৰিব ৰাহুল গান্ধীয়ে ।

কৃষি আইনৰ ক্ষতিকাৰক দিশসমূহ দাঙি ধৰি পুস্তিকা উন্মোচন কৰিব ৰাহুল গান্ধীয়ে

author img

By

Published : Jan 19, 2021, 4:10 PM IST

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে সংশোধিত আৰু প্ৰণিত কৰা তিনি খনকৈ কৃষি আইনৰ দ্বাৰা হ'ব পৰা ক্ষতিৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই ৰচনা কৰা পুস্তিকা উন্মোচন কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । কৃষি আইন প্ৰণয়ন হোৱাৰ সময়ৰে পৰা কংগ্ৰেছে বিৰোধিতা কৰি আহিছে আৰু প্ৰতিবাদকাৰী কৃষকক সমৰ্থন জনাই আহিছে । মঙলবাৰে দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰাৰ সময়তে পুস্তিকা উন্মোচন কৰিব ৰাহুল গান্ধীয়ে ।

যোৱা ১৫ জানুৱাৰীক কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰিছিল যে, কৃষি আইনে কৃষকৰ ওপৰত কিদৰে বিৰূপ প্ৰভাৱ পেলাব, সেই বিষয়ে দাঙি ধৰাৰ উদ্দেশ্যে পুস্তিকা উন্মোচন কৰা হ'ব । পুস্তিকা প্ৰস্তুত কৰাৰ সৈতে জড়িত এগৰাকী নেতাই কয় যে, কৃষিভূমিত কাম কৰা লোকৰ অধিকাংশই অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ আৰু কৃষি আইনে এইসকল লোকক প্ৰভাৱিত কৰিব ।

উল্লেখ্য যে, কংগ্ৰেছে কৃষি আইনৰ বিৰোধিতা কৰি আহিছে আৰু এই তিনি খন আইন বাতিলৰ দাবীত দেশজোৰা ৰাজভৱন ঘেৰাও কাৰ্যসূচীও ৰূপায়ণ কৰি আছে । সমান্তৰালকৈ কৃষকেও দিল্লী সীমান্তৰ বিভিন্ন স্থানত বিদ্ৰোহ অব্যাহত ৰাখিছে । বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰাই ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ আইন, এগ্ৰীমেণ্ট অন প্ৰাইচ এছুৰেন্স এণ্ড ফাৰ্ম ছাৰ্ভিচ আইন আৰু দ্য এছেনচিয়েল ক'ম'ডিটিজ আইনৰ বাতিলৰ দাবী জনাই আহিছে দেশৰ কৃষকসকলে ।

লগতে পঢ়ক:টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.