ETV Bharat / bharat

মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ বাবে পশ্চিমবংগত বাতিল ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা

author img

By

Published : Apr 18, 2021, 2:01 PM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জনোৱা মতে পশ্চিমবংগত তেওঁৰ সকলো ৰাজনৈতিক সভা বাতিল কৰা হৈছে । ক'ভিড পৰিস্থিতিৰ বাবে অহা দিনকেইটাৰ সকলো সভা বাতিল কৰাৰ লগতে বাকী দলসমূহকো এই বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনাইছে নেতাগৰাকী ।

মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ বাবে পশ্চিমবংগত বাতিল ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা
মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ বাবে পশ্চিমবংগত বাতিল ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল: দেশত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও পশ্চিমবংগত অব্যাহত আছে নিৰ্বাচনী যুঁজ । ইতিমধ্যে ৫ টা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু ৩ পৰ্যায়ৰ ভোটগ্ৰহণ এতিয়াও বাকী । প্ৰতিটো ৰাজনৈতিক দলে ঠায়ে ঠায়ে নিৰ্বাচনী সভা আয়োজন কৰা দেখা গৈছে ।

কিন্তু ক'ভিডৰ পুনৰুত্থানৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক আদৰণীয় পদক্ষেপ । ৰাইজৰ সুৰক্ষাৰ কথা চিন্তা কৰি নেতাগৰাকীয়ে বাতিল কৰিলে তেওঁৰ নিৰ্বাচনী সভা । আগন্তুক দিনত তেওঁৰ সকলো ৰাজনৈতিক সভা বাতিল কৰাৰ লগতে বাকী দলবোৰকো মহামাৰীৰ সময়ত ডাঙৰ সভা আয়োজন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

ইফালে মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বাকী তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ একেদিনাই আয়োজন কৰাৰ বাবেও এক দাবী উত্থাপন হৈ আছে ৰাজ্যখনত । ইয়াৰ মাজতে দেশত যোৱা ২৪ ঘণ্টাত ২ লাখ ৬১ হাজাৰ ৫০০ টা কৰ'ণাৰ নতুন ঘটনা পোহৰলৈ আহিছে । ইয়াৰোপৰি দেশত একেদিনাই ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ১০৫১ গৰাকী লোকৰ ।

লগতে পঢ়ক:কুম্ভমেলালৈ পৰিদৰ্শন কৰা লোকক চৈধ্যদিন কোৱাৰেন্টাইন থকাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.