নিউজ ডেস্ক , ১৯ জানুৱাৰী : ভাৰত আৰু চীনৰ সীমা বিবাদ চলি থকাৰ মাজতে শাসকীয় দল অৰ্থাৎ বিজেপিৰ এগৰাকী সাংসদৰ দাবী, অৰুণাচলৰ এক বিবাদপূৰ্ণ অঞ্চলত ভাৰতৰ ভূমিত চীনে নিৰ্মাণ কৰিছে এখন গাওঁ । সাংসদ তাপিৰ গাঁৱৰ দাবী যোৱা বছৰে চীনে এটা পথ, এখন বজাৰ আৰু ১০০ টা ঘৰৰ এই গাওঁখন নিৰ্মাণ কৰিছে । শাসকীয় দলৰ এগৰাকী নেতাৰ এই গুৰুতৰ মন্তব্য়ৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিৰোধী দল কংগ্ৰেছ । অৰুণাচলত চীনে গাওঁ নিৰ্মাণ কৰা খবৰ অহাৰ পিছতে ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । "দেশক হাৰ মানিবলৈ দিয়া নহ'ব" প্ৰধানমন্ত্ৰীৰ মোডীৰ এই প্ৰতিশ্ৰুতি মনত পেলাই কেইবাটাও প্ৰশ্নবোধকেৰে টুইট কৰে ৰাহুল গান্ধীয়ে ।
ইফালে কংগ্ৰেছ দলৰ আন এগৰাকী নেতা ৰনদ্বীপ সুৰজেৱালাৰো কটাক্ষ প্ৰধানমন্ত্ৰীক । মোডীৰ ৫৬ ইঞ্চিৰ বুকু ক'ত গ'ল বুলি প্ৰশ্ন কৰি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে নেতাগৰাকীয়ে । অৱশ্য়ে সোমবাৰে সমগ্ৰ বিষয়ত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে ভাৰত চৰকাৰে । দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পৰা সকলো বিষয়ত চৰকাৰে চোকা দৃষ্টি ৰাখিছে বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় চৰকাৰে ।
লগতে পঢ়ক :টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ