ETV Bharat / bharat

ওড়িশাত ৰেলৰ খুন্দাত চিন্ন-বিচিন্ন এটা প্ৰকাণ্ড হাতী

author img

By

Published : Dec 21, 2020, 5:45 PM IST

ওড়িশাত ৰেলৰ খুন্দাত চিন্ন-বিচিন্ন হৈ পৰে এটা প্ৰকাণ্ড হাতী ৷ সম্বলপুৰ ডিভিজনত প্ৰায় 2'04 বজাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লগতে ৰেল কৰ্তৃপক্ষ ৷

puri-surat-express-train-derails-after-hitting-elephant
উৰিষ্যাত ৰেলৰ খুন্দাত চিন্ন-বিচিন্ন এটা প্ৰকাণ্ড হাতী

নেশ্যনেল ডেস্ক,21 ডিচেম্বৰ: ওড়িশাৰ সম্বলপুৰত ভয়ংকৰ দুৰ্ঘটনা ৷ পুৰী-চুৰাট যাত্ৰীবাহী ৰেলখনৰ খুন্দাত নিহত হয় এটা প্ৰকাণ্ড হাতী ৷ হাতীটো ৰেলখনৰ তলত সোমাই পৰাৰ ফলত লাইনচ্যুত হৈ পৰে ৰেলখন ৷ সোমবাৰে হাতীবাড়ী আৰু মনেশ্বৰ ৰেল ষ্টেচনত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত কোনো লোক আঘাত পোৱাৰ তথ্য লাভ কৰা নাই ৷

ৰেল খন দেওবাৰে পুৱা ৭.২৪ বজাত ৫০ কিলোমিটাৰ গতিত হাতীবাড়ীৰ পৰা ৰাওনা হৈছিল । ইয়াৰ পাচতে, পূৱ উপকূল ৰে'লৱেৰ সম্বলপুৰ ডিভিজনত প্ৰায় 2'04 বজাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ প্ৰাপ্ত খবৰ অনুসৰি,ৰেল খন চলি থকাৰ সময়তে হঠাতে হাতীটো সোমাই পৰে ৰেলৰ চকাত ৷ যাৰ ফলত চিন্ন-বিচিন্ন হৈ পৰে হাতীটো ৷ দুৰ্ঘটনাৰ বাবে ৰেলখনৰ ইঞ্জিনৰ সন্মুখৰ ট্ৰলীৰ চকাও ওলাই যায় ৷

অন্য এক খবৰৰ বাবে:এশ টকা দিলেই ক’ত পাই অৰুণোদয় আঁচনিৰ ধন ?

ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় সম্বলপুৰৰ ৰেল বিভাগৰ বিষয়া প্ৰদীপ কুমাৰ সহ বিভাগটোৰ বহু জ্যেষ্ঠ বিষয়া ৷ প্ৰদীপ কুমাৰে প্ৰকাশ কৰা অনুসৰি, হাতীটোৰ ৰেলখনৰ তলত সোমাই পৰাৰ ফলত লাইনচ্যুত হৈ পৰে ৷ দুৰ্ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি বিষয়া গৰাকীয়ে মন্তব্য কৰে ৷ ইফালে, উক্ত ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ দল ৷ বন বিভাগৰ দলটোৱে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

ৰেল কৰ্তৃপক্ষই জনোৱা অনুসৰি, ৰেলখনৰ কাম বৰ্তমান চলি আছে ৷ অতি শীঘ্ৰে যাতায়তৰ বাবে সাজু হৈ উঠিব ৰেলখন ৷

অন্য এক খবৰৰ বাবে:গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.