নিউজ ডেস্ক, 12 জানুৱাৰী: বিভিন্ন কাৰ্যালয় বা বিভিন্ন স্থানত মহিলাক একাংশ পুৰুষ কৰ্মচাৰীয়ে অশ্লীল ইংগিত প্ৰদান কৰা বা শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰায়েই দেখা যায় ৷ বিভিন্ন স্বাৰ্থৰ বিপৰীতে একাংশই বিচাৰে যৌনতা (Women molestation in India) ৷ কাম হওক বুলি, বা চাকৰি হেৰুওৱাৰ ভয়ত বহু মহিলাই নীৰৱে তেনে কাৰ্য সহ্য কৰি গ’লেও কিন্তু একাংশই ইয়াৰ বিৰুদ্ধে সৰবতা প্ৰকাশ কৰে ৷ শেহতীয়াকৈ এগৰাকী মহিলাই এনে সমস্যাৰ বলি হৈ তাৰ বিৰুদ্ধে ন্যায়ৰ দাবী উত্থাপন কৰিছে ৷
পঞ্জাৱৰ এগৰাকী মহিলাই দিল্লীস্থিত পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, যোৱা বৰ্ষত তেওঁ দূতাবাসটোলৈ ভিছাৰ বাবে যাওঁতে দুগৰাকী বিষয়াই তেওঁক নিৰ্যাতন চলাইছিল ৷ তথ্য মতে, এখন মহাবিদ্যালয়ত জ্যেষ্ঠ অধ্যাপিকা হিচাপে কৰ্মৰত মহিলাগৰাকীয়ে দূতাবাসটোৰ দুগৰাকী জ্যেষ্ঠ বিষয়াই তেওঁক ভিছা প্ৰদানৰ বিপৰীতে যৌন নিৰ্যাতন চলাবলৈ উদ্যত হোৱা বুলি অভিযোগ কৰিছে (Pak embassy official asked for sexual favours) ৷
পাকিস্তান উচ্চায়ুক্তৰ পৰা কোনো সঁহাৰি নাপাই এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ওচৰত অভিযোগ দাখিল কৰিছে মহিলাগৰাকীয়ে । তেওঁ কয় যে, প্ৰথমে ২০২১ চনৰ মাৰ্চ মাহত আৰু তাৰ পিছত পুনৰ ২০২২ চনৰ জুন মাহত তেওঁ দূতাবাসলৈ গৈছিল । ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে সোধাত মহিলাগৰাকীয়ে দূতাবাসৰ বিষয়াগৰাকীক কয় যে, তেওঁ লাহোৰ ভ্ৰমণ কৰিব লাগিব ৷ তাত থকা কীৰ্তিচিহ্নসমূহৰ ফটো তুলিবলৈ, সেইবোৰৰ ওপৰত লিখিবলৈ আৰু লগতে এখন বিশ্ববিদ্যালয়লৈ যাব লাগিব য’ত তেওঁক বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল (Woman alleges molestation by Pakistan embassy) ৷
মহিলাগৰাকীয়ে দাবী কৰা মতে, দূতাবাসৰ বিষয়াসকলে তেওঁক কয় যে, পাকিস্তানত ৰাজনৈতিক অস্থিৰতা চলি থকাৰ বাবে তেওঁক ভিছা প্ৰদান কৰিব নোৱাৰি । দূতাবাসৰ পৰা ওলাই আহিবলৈ লোৱাৰ সময়তে আন এজন কৰ্মচাৰী আহি তেওঁক অস্বস্তিকৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উঠিছে । “তেওঁ মোক সুধিছিল যে মই কিয় বিয়া হোৱা নাই । বিয়া অবিহনে মই কেনেকৈ জীয়াই থাকিম, মোৰ যৌন ইচ্ছাৰ বাবে কি কৰিম’’। সংবাদ মাধ্যমৰ আগত এইদৰে উল্লেখ কৰি মহিলাগৰাকীয়ে লগতে কয় যে, বিষয়াগৰাকীয়ে আনকি তেওঁৰ হাততো ধৰিছিল (Pakistan embassy molestation case)।
উল্লেখ্য যে, মহিলাগৰাকীয়ে বিষয়টোৰ পৰা ফালৰি কাটিবলৈ বহু চেষ্টা কৰিছিল যদিও দূতাবাসৰ কৰ্মচাৰীজনে বাৰে বাৰে ব্যক্তিগত প্ৰশ্ন কৰি থকা বুলি তেওঁ অভিযোগ তুলিছে । মহিলাগৰাকীয়ে এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক এজাহাৰ দাখিল কৰি বিষয়টো সন্দৰ্ভত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে (Woman asked for sexual favours for visa) ।
বিদেশ মন্ত্ৰীক দিয়া অভিযোগত মহিলাগৰাকীয়ে পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰীগৰাকীৰ সৈতে হোৱাটছএপত হোৱা বাৰ্তালাপৰ স্ক্ৰীণ শ্বটসমূহো শ্বেয়াৰ কৰিছে । টকাৰ সলনি ভাৰত চৰকাৰৰ বিৰুদ্ধে লিখিবলৈ কোৱা বুলিও অভিযোগ উত্থাপন কৰি সেই প্ৰস্তাৱ তেওঁ নাকচ কৰা বুলি জনায় । সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক: Indian Cough Syrup Banned: বিশ্ব স্বাস্থ্য সংস্থাই নিষিদ্ধ কৰিলে ভাৰতৰ দুবিধ কফ চিৰাপ