ETV Bharat / bharat

ত্ৰিপুৰাৰ কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন

author img

By

Published : May 9, 2022, 1:58 PM IST

ত্ৰিপুৰাৰ ধলাই জিলাত অঘটন ৷ দেওবাৰে সন্ধিয়া ধলাই জিলাৰ এখন কাৰাগাৰৰ পৰা পলায়ন(Prisoner escaped from jail in Tripura) কৰিছে এজন কাৰাবন্দীয়ে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ ত্ৰিপুৰা জিলাৰ কাঞ্চনপুৰ উপ কাৰাগাৰৰ পৰা তিনিজনকৈ উগ্ৰপন্থীয়ে পলায়ন কৰিছিল ৷

prisoner-escaped-from-jail-in-tripura
ত্ৰিপুৰাৰ কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন

আগৰতলা, 9 মে’ : ত্ৰিপুৰাৰ ধলাই জিলাৰ এখন কাৰাগাৰৰ পৰা দেওবাৰে সন্ধিয়া পলায়ন(Prisoner escaped from jail in Tripura) কৰিছে এজন কাৰাবন্দীয়ে ৷ পলাতক কাৰাবন্দীজনক শুভজয় ত্ৰিপুৰা(20) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে ধলাই জিলাৰ গন্দাচেৰাৰ এখন স্থানীয় কাৰাগাৰৰ পৰা পলায়ন কৰে কাৰাবন্দীজনে ৷ এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে কাৰাগাৰ কৰ্তৃপক্ষই আৰক্ষীক সদৰি কৰাৰ লগতে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাতে খবৰ দিয়ে ৷

এক সূত্ৰই সদৰি কৰা অনুসৰি, কাৰাবন্দীজনে কাৰাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ ওপৰত থকা ভেণ্টিলেটৰ ভাঙি(Prisoner escaped from the ventilator) পলায়ন কৰে ৷ দেওবাৰে গণ্ডাচেৰা ন্যায়িক দণ্ডাধীশৰ আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল শুভজয়ক ৷ আৰক্ষীয়ে তেওঁক চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰি শনিবাৰে আদালতত হাজিৰ কৰিছিল ৷

পৰৱৰ্তী সময়ত আদালতে অভিযুক্তক কাৰাগাৰলৈ নিক্ষেপ কৰে ৷ এই ঘটনাটো সংঘটিত হোৱাৰ পিছত কাৰাগাৰত উপস্থিত হয় বিভাগীয় দণ্ডাধীশ ৷ তেওঁ বিষয়টো পৰ্যবেক্ষণ কৰি ধলাইৰ আৰক্ষী অধীক্ষকৰ লগতে কাৰাগাৰ কৰ্তৃপক্ষ আৰু গণ্ডাচেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক উচিত তদন্তৰ নিৰ্দেশ প্ৰদান কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে উত্তৰ ত্ৰিপুৰা জিলাৰ কাঞ্চনপুৰ উপ কাৰাগাৰৰ পৰা তিনিজনকৈ উগ্ৰপন্থীয়ে পলায়ন কৰিছিল ৷ তাৰপিছত দেওবাৰে পুনৰ সংঘটিত একেধৰণৰ ঘটনাই ৰাজ্যখনৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি ভালেমান প্ৰশ্ন উত্থাপিত কৰিছে ৷

লগতে চাওক: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধুলিয়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপতগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.