ETV Bharat / bharat

গৰ্ভৱতী মাতৃয়ে ডিঙি কাটি হত্যা কৰিলে পুত্ৰক

মাতৃয়ে ডিঙি কাটি হত্যা কৰিলে 6 বছৰীয়া পুত্ৰক ৷ কেৰালাৰ পুলক্কাডত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড ৷ তিনিমাহৰ গৰ্ভৱতী মাতৃগৰাকীয়ে বাথৰূমৰ ভিতৰত ডিঙি কাটি হত্যা কৰিলে পুত্ৰ আমিলক ৷

author img

By

Published : Feb 7, 2021, 1:59 PM IST

গৰ্ভৱতী মাতৃয়ে ডিঙি কাটি হত্যা কৰিলে নিজ পুত্ৰক

নেশ্যনেল ডেস্ক,7 ফেব্ৰুৱাৰী: কেৰালাৰ পুলক্কাডত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ মাতৃয়ে ডিঙি কাটি হত্যা কৰে 6 বছৰীয়া পুত্ৰক ৷ শ্বাহিদা নামৰ তিনিমাহৰ গৰ্ভৱতী মাতৃগৰাকীয়ে বাথৰূমৰ ভিতৰত তৃতীয় সন্তান আমিলক ডিঙি কাটি হত্যা কৰে ৷

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাতৃ শ্বাহিদাক আটক কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ কিন্তু কি কাৰণত মাতৃগৰাকীয়ে সন্তানক অতি নৃশংসভাৱে হত্যা কৰিলে বৰ্তমানলৈকে সেয়া জানিব পৰা হোৱা নাই ৷ একাংশৰ মতে মাতৃ গৰাকী মানসিক ৰোগী ৷ কিন্তু আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ পাচতহে হত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: এইবাৰ যৌতুকৰ বলি সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ মহিলা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.